ডিজিটেল ডেস্কঃ দেওবাৰে নেপালত সংঘটিত হয় ভয়ংকৰ বিমান দুৰ্ঘটনা। নেপালৰ Civil Aviation Authorityএ শেহতীয়াকৈ সদৰি কৰা তথ্য অনুসৰি এই দুৰ্ঘটনাত ৬৭গৰাকীকৈ লোকৰ মৃত্যু হৈছে। বিমানখনত ৬৮গৰাকী যাত্ৰী আৰু ৪গৰাকী কেবিন ক্ৰুৰ মেম্বাৰ আছিল বুলিও সদৰি কৰিছে বিভাগটোৱে।
ইফালে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ কাৰন এতিয়ালৈকে সদৰি কৰা নাই Civil Aviation Authorityএ। এটা ওখ পাহাৰত খুন্দা মাৰি এখন নদীত পৰেগৈ যাত্ৰাবাহী বিমানখন। ৭২জন যাত্ৰীৰ বাবে আসন থকা এই বিমানখনত ভাৰতৰো কেইবাগৰাকী যাত্ৰী আছিল বুলি জানিব পৰা গৈছে।
নেপালৰ পোখৰা অঞ্চলত সংঘটিত হোৱা এই দুৰ্ঘটনাক লৈ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰাৰ লগতে নেপাল চৰকাৰৰ সৈতে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা যোগাযোগ অব্যাহত ৰাখিছে।