ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক মৃত্যুৰ ভাবুকি প্ৰদান কৰিছে আন্ডাৰৱল্ড ডন ডাউদ ইব্ৰাহিমে। জানিব পৰা মতে আজি পুৱা প্ৰায় ১১ঃ৩০ আৰু ১১ঃ৪০ বজাত গাডকাৰীৰ নাগপুৰৰ খামলা চকত থকা কাৰ্যালয়লৈ হত্যাৰ ভাবুকিৰে কোনো অজ্ঞাত লোকে দুবাৰকৈ ফোন কৰিছে।
অজ্ঞাত লোকজনে আণ্ডাৰ ৱৰ্ল্ডৰ ডন ডাউদ ইব্ৰাহিমৰ নামত এইদৰে ফোন কৰি ভাবুকি প্ৰদান কৰিছে। ঘটনা সন্দৰ্ভত নাগপুৰ আৰক্ষীক অৱগত কৰাৰ পিছতে গাডকাৰীৰ কাৰ্যালয়ৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে।ডাউডৰ নামত এইদৰে ফোন কৰি অজ্ঞাত লোকজনে দাবী কৰিছে ১০০ কোটি টকা। লগতে তেওঁ ভাবুকি প্ৰদান কৰিছে যে, যদিহে ১০০কোটি নিদিয়ে তেন্তে গাডকাৰীৰ মৃত্যু নিশ্চিত।