1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 7:15 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

প্ৰেম কৰা নাযায়, প্ৰেম হৈ যায়ঃ তপন দাসে পাৰ কৰিলে ৬০ৰ দেওনা…

  • Update Time : Wednesday, January 11, 2023

ডিজিটেল ডেস্কঃ  কোনো কব, তেওঁৰ বয়স এতিয়া ৬০ৰো উৰ্ধৰ। কিন্তু ১১জানুৱাৰী, ২০২৩ত ৬১বছৰ বয়সত ভৰি থলে জনপ্ৰিয় অভিনেতা তপন দাসে। বেলেগতকৈ কিছু পৃথক কন্ঠ, বলিষ্ঠ অভিনয়েৰে এক সুকীয়া ধাৰা নিৰ্মাণ কৰা তপন দাসৰ আজি ওপজা দিন। তপন দাসৰ জন্ম হৈছিল ১৯৬২চনৰ ১১ জানুৱাৰীত।

৮০ ৰ দশকৰ আৰম্ভণিত হাইস্কুলত পঢ়ি থকাৰে পৰা তেওঁ অভিনয়ৰ সৈতে জড়িত। তেওঁৰ দেউতাক অসম চৰকাৰৰ গড়কাপ্তানি বিভাগৰ এজন বিষয়া আছিল আৰু সঘনাই এঠাইৰ পৰা আন ঠাইলৈ বদলি হৈছিল। সেয়ে তেওঁ অসমৰ বিভিন্ন ঠাইৰ বিদ্যালয়ত পঢ়িবলগীয়া হৈছিল। এটা সাক্ষাৎকাৰত নিজে কোৱা মতে তেওঁ অসমৰ বিশিষ্ট শিক্ষানুষ্ঠান অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ আছিল। গুৱাহাটীৰ মঞ্চত অভিনয়ৰ যোগে তেওঁ খ্যাতি অৰ্জন কৰিছিল।

হাইস্কুলত পঢ়ি থকাৰ সময়তে তপন দাস প্ৰথমে মঞ্চ অভিনয়ৰ লগত জড়িত হয়। গুৱাহাটীৰ মঞ্চত অভিনয় কৰি জনপ্ৰিয় হোৱা তপন দাসে বোলছবিত প্ৰথম অভিনয় কৰে পুলক গগৈ পৰিচালিত ‘সেন্দূৰ’ত। বৰ্তমানলৈ কমেও ২০খন বোলছবিত তপন দাসে অভিনয় কৰিছে।[3]

বোলছবিৰ বাহিৰেও তপন দাসে কহিনুৰ, বৰদৈচিলা, শকুন্তলা থিয়েটাৰত ভ্ৰাম্যমাণৰ মঞ্চত অভিনয় কৰিছে। ভ্ৰাম্যমাণৰ মঞ্চত অভিনয়ৰ উপৰি হেঙুল আৰু ওপৰত উল্লিখিত থিয়েটাৰ সমূহত নাট পৰিচালনাও কৰিছে। ২০১১ বৰ্ষত তপন দাসে ৰাজতিলক থিয়েটাৰত অভিনয় কৰে। তাৰ পিছত তেখেতে থিয়েটাৰ সূৰ্য্যৰ সৈতে জড়িত হৈ পৰে।

তপন দাসে বিস্ময় আলোচনীৰ পাতত প্ৰথমে চুটি গল্প লিখিবলৈ আৰম্ভ কৰে। তপন দাসে আবৃত্তিকাৰ হিচাপেও সুখ্যাতি অৰ্জন কৰিছে। তপন দাসৰ দ্বাৰা আবৃত্তি কৰা নীলিম কুমাৰৰ কবিতাই এটা সময়ত প্ৰভুত পৰিমাণে জনপ্ৰিয়তা অৰ্জন কৰিছিল। তেওঁৰ কেইবাখনো গ্ৰন্থ ইতিমধ্যে প্ৰকাশিত হৈছে আৰু পাঠক ৰাইজে আদৰি লৈছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme