1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 8:04 am

আদানীৰ এদিনৰ উপাৰ্জনেৰে সমগ্ৰ অসমে ভৰাব পাৰিব FREE পেট্ৰল! বনাব পাৰিব দুখন ফ্লাই অভাৰ…

  • Update Time : Wednesday, January 11, 2023

ডিজিটেল ডেস্কঃ  দেশৰ সবাতোকৈ ধনী তথা সমগ্ৰ বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত দ্বিতীয় স্থানত থকা গৌতম আদানীৰ সম্পত্তিৰ কথা নতুনকৈ কোৱাৰ হয়তো প্ৰয়োজন নাই। ক্ৰমান্বয়ে ব্যৱসায়িক পৰিধি বৃদ্ধি পোৱা গৌতম আদানীয়ে অতি কম সময়ৰ ভিতৰতে মুকেশ আম্বানীক চেৰ পেলাই দেশৰ ধনী ব্যক্তিৰ শীৰ্ষ আসনত অধিষ্ঠিত হৈছে। আপুনি বাৰু জানেনে গৌতম আদানীয়ে এঘন্টাত কিমান টকা উপাৰ্জন কৰে।

শেহতীয়াকৈ এক সাক্ষাতকাৰত প্ৰকাশ পাইছে যে, গৌতম আদানীয়ে ১ঘন্টাত উপাৰ্জন কৰে ৬৭কোটি টকা। অৰ্থাত প্ৰতি মিনিটত ১কোটিৰো অধিক টকা উপাৰ্জন কৰে গৌতম আদানীয়ে। শেহতীয়াকৈ প্ৰকাশ পোৱা তথ্য অনুসৰি, গৌতম আদানীৰ এদিনৰ উপাৰ্জনেৰে সমগ্ৰ অসমবাসীয়ে এদিনত পেট্ৰল-ডিজেল বিনামূলীয়াকৈ ভৰাব পাৰিব। কেৱল এয়াই নহয় আদানীৰ এদিনৰ উপাৰ্জেনেৰে সমগ্ৰ উত্তৰ-পূবৰ বাসীক এদিনৰ খাদ্যৰ যোগান ধৰিব পাৰিব।

আদানীৰ এদিনৰ উপাৰ্জনৰে আৰু কি কি কৰিব পাৰিব শুনক। গুৱাহাটীত বৰ্তমান নিৰ্মাণ হৈ থকা দুখন ফ্লাই অভাৰ আদানীৰ এদিনৰ উপাৰ্জনেৰেই নিৰ্মাণ কৰিব পাৰিব। উল্লেখ কৰা প্ৰয়োজন যে, এদিনত গৌতম আদানীয়ে ১৬০০কোটিৰো অধিক টকা উপাৰ্জন কৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme