ডিজিটেল ডেস্কঃ অসমীয়া ছবিজগতলৈ অনবদ্য অৱদান আগবঢ়োৱা অভিনেতা, পৰিচালক, প্ৰযোজক যতীন বৰা পুনৰ সক্ৰিয় হৈছে ছবিজগতত। ৰাজনীতিৰ পৰা কিছু সময় উলিয়াই যতীন বৰাই শ্বুটিং কৰি আছে আহিবলগীয়া ছবি ৰাঘৱৰ। পত্নী নৱনীতাৰ সৈতে এই ছবিখনৰ শ্বুটিং অসমৰ লগতে দেশৰ ভিন্ন স্থানত ইতিমধ্যে সম্পন্ন হৈছে। এই সকলোবোৰ কামৰ উপৰিও পৰিয়ালকো সমানে সময় দিয়ে যতীন বৰাই।
যতীন বৰাৰ আছে দুই সন্তান। তেওঁৰ ডাঙৰ কন্যা আস্থা বৰা। ২০২১চনত সুখ্যাতিৰে ICSEৰ দশম মান শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে আস্থা। প্ৰায় ৯৫শতাংশ নম্বৰ লৈ উৰ্ত্তীণ হৈছিল আস্থা।
শিক্ষাৰ লগতে ৰূপৱতীও আস্থা বৰা। প্ৰায়েই ঘৰৰ কিছু অনুষ্ঠানৰ ফটো শ্বেয়াৰ কৰোতে যতীন বৰাক দেখা যায় কন্যা আস্থাৰ সৈতে। আস্থাৰ উপৰিও যতীন বৰাৰ আছে অন্য এটি সন্তান।
যতীন বৰাই শ্বেয়াৰ কৰা আস্থাৰ প্ৰায়বোৰত ফটোত নেটিজেনসকলে আস্থা চিনেমা জগতলৈ আহিব নেকি বুলি প্ৰশ্ন কৰিছে। অৱশ্যে বৰ্তমান পঢ়া-শুনাত ব্যস্ত আস্থাই এনে দিশবোৰত বিশেষ মনোযোগ প্ৰদান কৰা নাই।