1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 12:32 pm

মদ খোৱাটো পাপ নহয়ঃ ডিম্পুয়ে কিয় ক’লে এনেকৈ…

  • Update Time : Monday, January 2, 2023

ডিজিটেল ডেস্কঃ নৱবৰ্ষৰ আদৰাৰ সময়তে সমগ্ৰ ৰাজ্যত সুৰাৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী। প্ৰতিদিনাই সংবাদ শিৰোনাম দখল কৰিছে মদ সেৱন কৰা লোকৰ ন ন ভিডিঅয়ে। এনে সময়তে ৰাজ্যৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই সাংবাদিক আৰু সুৰা সেৱন কৰা লোক সকলক উদ্দেশ্যি এক বিশেষ বাৰ্তা প্ৰদান কৰিলে। এই বাৰ্তাটোৱে ছচিয়েল মিডিয়াত বেচ চৰ্চা লাভ কৰিছে।

এটা ভিডিঅৰ জৰিয়তে ডিম্পুয়ে কয়- সকলোতেটো পুলিচ থাকিব নোৱাৰে। সেয়েহে আপোনালোকে প্লিজ মদ খাই গাড়ী নচলাব। ফাইনৰ কাৰনে নহয়, নিজৰ জীৱনটোৰ কাৰনে মদ খাই গাড়ী নচলাব।

ভিডিঅটোত ডিম্পুয়ে লগতে কয়- মদ খোৱাটো অপৰাধ নহয়। কিন্তু মদ খাই তিৰিক মৰা, কাজিয়া কৰা আদি কামবোৰ বেয়া। ডিম্পুয়ে লগতে সাংবাদিকক উদ্দেশ্যি এক বিশেষ বাৰ্তা প্ৰদান কৰে। ডিম্পুয়ে কয়- সাংবাদিকে আৰক্ষীয়ে তালাচী কৰাৰ যি ভিডিঅ ভাইৰেল কৰি আছে। আচলতে তেনে কৰিব নালাগে। মদ খাই মানুহ জনে একো পাপ কৰা নাই। সেই মানুহজনৰো আত্মসন্মানৰ কথা চিন্তা কৰিব লাগে।

ডিম্পুয়ে লগতে কয়- মদহে খাইছে তেওঁলোকে কাৰোবাক মাৰিতো অহা নাই। মদ খাই গাড়ী চলাব নালাগে সেইটো কৰিব নালাগে। তাৰ বাবে আৰক্ষীয়ে ব্যৱস্থা লব। কিন্তু সাংবাদিকসকলে এনেবোৰ ভিডিঅ ভাইৰেল কৰি তেওঁলোকৰ আত্মসন্মান লুট কৰিব নালাগে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme