1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 4:44 am

মনৰ আশা পূৰ্ণ হ’ল পেলেৰঃ মাৰাডোনাৰ সৈতে স্বৰ্গত খেলিব ফুটবল!

  • Update Time : Friday, December 30, 2022

ডিজিটেল ডেস্কঃ ফুটবলৰ প্ৰথমজন কিংবদন্তি পেলেৰ মৃত্যুত এতিয়া শোকস্তদ্ধ সমগ্ৰ বিশ্ববাসী। কৰ্কট ৰোগত সৈতে যুঁজি অৱশেত ৮২বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে মহান ফুটবলাৰ গৰাকীয়ে। পেলেৰ মৃত্যুৰ পাছতে বহু চৰ্চা ইতিমধ্যে আৰম্ভ হৈছে। ইয়াৰ ভিতৰতে বিশেষভাৱে চৰ্চিত হৈছে পেলেৰ এটা পুৰণি টুইট।

ফুটবলৰ ৰাজপুত্ৰ মাৰাডোনাৰ মৃত্যুৰ দিনা পেলেই কৰিছিল এটা বিশেষ টুইট। এই টুইটোত মাৰাডোনাই পেলেৰ কপালত চুমা দি থকা এখন ফটোও আছিল। ফটোত পেলেই লিখিছিল-  এদিন স্বৰ্গত আমি একেলগে বল খেলিম। পেলেৰ সেই ইচ্ছাই যেন ২০২২ৰ ৩০ ডিচেম্বৰৰ দিনা সচাঁ হল। মাৰাডোনাৰ সৈতে ফুটবল খেলিবলৈ স্বৰ্গ পালেই পেলে।

চাওঁক এই টুইটতোঃ

উল্লেখ কৰা প্ৰয়োজন যে, ২০২০ৰ ২৫নৱেম্বৰত মৃত্যু হৈছিল মাৰাডোনাৰ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme