1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 8:00 pm

অৱশেষত প্ৰাণ গ’ল, বচাব নোৱাৰিলে ডাক্তৰেও…

  • Update Time : Thursday, December 29, 2022

 ডিজিটেল ডেস্কঃ  অৱশেষত মৃত্যু হ’ল গুৰুতৰ ভাৱে আহত যোৰহাটৰ চটাইত উদ্ধাৰ কৰা নাহৰফুটুকীটো । মঙ্গলবাৰে ট্ৰেংকুইলাইজ কৰাৰ পাছত কাজিৰঙাৰ চি ডব্লিউ আৰ চিলৈ অনা হৈছিল নাহৰফুটুকীটো ৷

চিকিৎসকে জনোৱা মতে নাহৰফুটুকীটোৰ ঠেঙৰ হাড় ভাঙি যোৱাৰ লগতে শৰীৰৰ বিভিন্ন অংশত পোৱা গৈছিল চোকা অস্ত্ৰৰ আঘাটৰ চিন। কোনো দুস্কৃতিকাৰীয়ে নাহৰফুটুকীটোক আক্ৰমণ কৰা বুলি সন্দেহ চিকিৎসকৰ ৷

উল্লেখ্যযোগ্য যে যোৰহাটৰ চটাইৰ বৰ্ষাৰণ্যৰ গৱেষণা কেন্দ্ৰৰ আৱাসিক এলেকাত নাহৰফুটুকীটোৰ আক্ৰমণত ১৫ জন কৈ লোক আহত হৈছিল। কাজিৰঙাৰ বন্যপ্ৰাণীৰ পুনৰ সংস্থাপন কেন্দ্ৰ লৈ অনাৰ পাছত সুস্থ হৈছিল যদিও অধিক ৰক্তক্ষয়ী হোৱাৰ বাবে বৃহস্পতিবাৰে পুৱা মৃত্যুক সাৱটি লয় নাহৰফুটুকীটোৱে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme