1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 4:50 am

আকৌ উভতিব লাগিব কৰোনা কাললৈ! জানুৱাৰীৰ প্ৰথম সপ্তাহত নতুন SOP

  • Update Time : Wednesday, December 28, 2022

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ কভিডৰ প্ৰকোপ ক্ৰমান্বয়ে বৃদ্ধি পাইছে সমগ্ৰ দেশত। প্ৰতিটো দিনতে প্ৰায় দুই শতাধিক লোক নতুনকৈ আক্ৰান্ত হৈছে কৰোনাত। কোভিডকেন্দ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্যক সৰ্তকতা পালন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

কেন্দ্ৰৰ নিৰ্দেশৰ পাছতে অসমতো কৰোনাই যাতে ব্যাপক ৰূপ নলয় তাৰ বাবে কিছু সৰ্তকতা পালনৰ দিশে আগবাঢ়িছে অসম চৰকাৰ। বুধবাৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সদৰি কৰিছে যে, অচিৰেই ৰাজ্যত ঘোষণা হব নতুন এছ অ পি। ২০২৩ৰ জানুৱাৰীত নতুন এছ অ পিৰ সন্দৰ্ভত সিদ্ধান্ত লব অসম চৰকাৰে।

জানুৱাৰীৰ প্ৰথম সপ্তাহতে এছ অ পি ঘোষণা কৰাৰ সন্দৰ্ভতো ইংগিত দিলে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme