1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 8:04 pm
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

হাঁহি লাভ নাইঃ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীতকৈ ধনী ডিম্পু বৰুৱা!

  • Update Time : Wednesday, December 28, 2022

ডিজিটেল ডেস্কঃ এতিয়া সমগ্ৰ বিশ্বত ডিজিটেলৰ আধিপত্য। সৌ সিদিনালৈকে ডিজিটেলৰ গুৰুত্ব উপলদ্ধি নকৰাসকলেও আজি নতশিৰে মানি লৈছে ডিজিটেলৰ অগ্ৰাসন। পৰিস্থিতি গৈ এনেকুৱা পৰ্যায় পাইছেগৈ যে, এতিয়া দেশৰ অৰ্থনীতিলৈও গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আছে ডিজিটেল ক্ৰিয়েটৰসকলে। ডিজিটেল ক্ৰিয়েটৰ বুলি কলে প্ৰথমে মনলৈ আহে ইউটিউবাৰসকলৰ কথা। অলপতে প্ৰকাশ পোৱা এক প্ৰতিবেদন অনুসৰি, দেশৰ অৰ্থনীতিলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে দেশৰ ইউটিউবাৰসকলে।

অসমৰ প্ৰেক্ষাপটত ইউটিউবাৰ বুলি কলে প্ৰথমে চকুৰ আগত ভাহিঁ আহে এখন মুখ। তেওঁ হৈছে ডিম্পু বৰুৱা। নলবাৰীৰ ডিম্পুয়ে ২০১৭চনৰ পৰা এই জগতখনৰ সৈতে জড়িত হৈ আছে আৰু বৰ্তমান তেওঁ চাৰ্জক্ৰাইবাৰৰ সংখ্যা ৩.৫মিলিয়নৰো অধিক। প্ৰায় প্ৰতিটো দিনাই ইউটিউবত ভিডিঅ আপলোড কৰা ডিম্পুৰ ভিডিঅবোৰত ২৪ঘন্টাৰ ভিতৰতে লাখ লাখ দৰ্শকে দৰ্শন কৰে। ইয়াৰ পৰা প্ৰতিটো মাহতে মোটা অংকৰ ধন উপাৰ্জন কৰে ডিম্পু বৰুৱাই। কেৱল ইউটিউব নহয় ফেচবুক আৰু ইনষ্টাগ্ৰামৰ পৰাও যথেষ্ট সংখ্যক অৰ্থৰ উপাৰ্জন কৰে এইসকল ডিজিটেল ক্ৰিয়েটৰে।

বছৰটোৰ শেষত ইউটিউবাৰ সকলৰ উপাৰ্জনৰ সম্পৰ্কত চলি থকা এই চৰ্চাৰ মাজতে দেশৰ মুখ্যমন্ত্ৰীসকলৰ ধনৰ সন্দৰ্ভতো এখন তালিকা প্ৰকাশ পাইছে। এই তালিকাৰ সবাতোকৈ শীৰ্ষত তথা ধনী মুখ্যমন্ত্ৰী হিচাপে বিবেচিত হৈছে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকী। ইফালে এই তালিকাত ধনৰ ক্ষেত্ৰত দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালতকৈ পিছত আছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। এই তালিকাতে প্ৰকাশ পোৱা অনুসৰি পশ্চিম বংগ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ জমা ধনৰ পৰিমাণ হৈছে ১৬লাখ টকা। দেশৰ মুখ্যমন্ত্ৰীসকলৰ ভিতৰত আটাইতকৈ দুখীয়া মুখ্যমন্ত্ৰীগৰাকীয়েই হৈছে পশ্চিম বংগৰ দিদি।

এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতে এতিয়া ছচিয়েল মিডিয়াত একাংশই মত প্ৰকাশ কৰিছে যে, পশ্চিম বংগৰ মুখ্যমন্ত্ৰীতকৈ আমাৰ অসমৰ ডিম্পু বৰুৱা বেছি ধনী। কিয়নো মাহেকতে লাখ লাখ টকা উপাৰ্জন কৰে ডিম্পু বৰুৱাই। ইফালে অলপতে এটা টেলিভিশ্যন শ্বত ডিম্পু বৰুৱাই নিজে সদৰি কৰিছিল যে, তেওঁ মাহেকত ১৫লাখৰ ৪ভাগৰ এভাগ ধন মাহেকত উপাৰ্জন কৰে। এতিয়া মাহেকত ডিম্পুৰ উপাৰ্জন ১৫লাখক ৪ভাগ কৰিলেই সকলো উত্তৰ পাব ৰাইজে।

ইফালে এইখিনিতে এটা কথা উল্লেখ কৰি থোৱা ভাল যে, দেশৰ ভিতৰত উৰিষ্যাৰ মুখ্যমন্ত্ৰীগৰাকীয়েহে মাহে ১লাখ টকাৰ দৰমহা লাভ কৰে। বাকী দেশৰ সকলো মুখ্যমন্ত্ৰীয়ে মাহেকত সকলো সুবিধাৰ সৈতে ৫০হাজাৰ টকাৰ দৰমহা লাভ কৰে। এই দিশৰ পৰাও মাহেকত অসমৰে বহু ইউটিউবাৰে বেছি ধন উপাৰ্জন কৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme