1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 4:47 am

আদানী, আম্বানীতকৈ ধনী ৰতন টাটাঃ কিন্তু ধনীৰ তালিকাত কিয় নাম নাই…

  • Update Time : Wednesday, December 28, 2022

ডিজিটেল ডেস্কঃ আজি দেশৰ প্ৰখ্যাত উদ্যোগপতি ৰতন টাটাৰ ওপজা দিন।  ৮৫বছৰ বয়সত ভৰি দিয়াৰতন টাটাৰ নাম সমগ্ৰ বিশ্বই জানে। কিন্তু তেওঁৰ নাম আটাইতকৈ ধনী লোকৰ তালিকাত উঠা নাই কিয়? টাটা গ্ৰুপ কেৱল ভাৰতৰে নহয়, সমগ্ৰ বিশ্বৰে অন্যতম প্ৰধান ব্যৱসায়িক প্ৰতিষ্ঠান। অথচ টাটাৰ নাম ফোৰ্বছৰ তালিকাত নাই। ফলত ইয়াকে লৈ কৌতুহল থকাতো স্বাভাৱিক।

ভাৰতীয় আগশাৰীৰ ব্যৱসায়ীসকলৰ ভিতৰত ৰতন টাটা অন্যতম। ৰতন টাটাক বেয়া পোৱা মানুহৰ সংখ্যাও নগণ্য। ব্যৱসায়ৰ ক্ষেত্ৰত তেওঁৰ অসামান্য দূৰদৃষ্টিৰ কথা কোনেও নজনা নহয়। কিন্তু ৰতন টাটা জনপ্ৰিয় নিজৰ সমাজসেৱাৰ লগত জড়িত কৰ্মৰাজীৰ বাব। মানুহৰ কল্যাণৰ বাবে বহু কামেই কৰি থাকে তেওঁ। আৰু সেইকাৰণেই পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি হ’ব পৰা নাই ৰতন টাটা। ইটোৰ পিছত সিটো দেশ আৰু জাতিৰ বাবে কৰা কল্যাণমূলক কামৰ বাবে সমগ্ৰ বিশ্বই জানে ৰতন টাটাক। একেবাৰে কম ব্যৱসায়ীৰ ক্ষেত্ৰতহে এই কথা প্ৰযোজ্য হয়।

প্ৰতিগৰাকী ভাৰতীয়ই অন্য ধৰণে চাই টাটাক। দীৰ্ঘ প্ৰায় ৬০ বছৰধৰি পৃথিৱীৰ অন্যতম বৃহত্‍ ব্যৱসায়-বাণিজ্য পৰিচালনা কৰিছে তেওঁ। আশা কৰা যায় যে, ভাৰতবৰ্ষৰ সকলোফালৰ ধনীৰ তালিকাত নিশ্চয় প্ৰথমতেই থাকিব ৰতন টাটাৰ নাম। একেবাৰে প্ৰথমতে নাথাকলেও অন্তত ১০ৰ পৰা ২০ৰ ভিতৰত থাকিব। কিন্তু জানিলে আচৰিত হ’ব যে, আইআইএফএল, ৱেল্থৰ ২০২১ৰ প্ৰতিবেদন অনুসৰি ৰতন টাটাতকৈও ধনী ভাৰতীয়ৰ সংখ্যা ৪৩২। ইয়াৰ প্ৰধান কাৰণ, টাটা ট্ৰাষ্টৰ জৰিয়তে মানৱ কল্যাণৰ বাবে ব্যয় কৰে বিশাল অংকৰ ধন।

যোৱা বছৰৰ হিচাপ অনুসৰি, টাটা গ্ৰুপৰ মুঠ সম্পত্তি ১০৩ বিলিয়ন আমেৰিকান ডলাৰ। ভাৰত তথা বিশ্বৰ বৃহত্তম প্ৰতিষ্ঠান টাটা গ্ৰুপ। কিন্তু টাটা গ্ৰুপৰ আয়ৰ ৬৬ শতাংশ জনকল্যাণমূলক কামৰ বাবে খৰচ কৰা হয়। উল্লেখ্য, অসমৰ বাবেও বিশেষ পৰিকল্পনা ৰতন টাটাৰ। টাটা ট্ৰাষ্টৰ সহযোগত ৰাজ্যত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰে কেইবাখনো হাস্পতালৰ নিৰ্মাণৰ কাম চলি আছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme