ডিজিটেল ডেস্কঃ কিবা যেন সপোন সপোন লগা এক যাত্ৰাৰ অন্ত পৰিল। মাৰাডোনাৰ পিছত ফুটবলৰ ৰাজপুত্ৰ বুলি সকলোৱে মানি অহা মেছিয়ে আজি ৰাজকীয় ভাৱে নিজৰ কেৰিয়াৰ সামৰিলে। ফ্ৰান্সৰ দুৰ্দান্ত প্ৰদৰ্শনত নেওচি মেছিবাহিনীয়ে ইতিহাসত লিপিবদ্ধ কৰিলে নিজৰ নাম। বিশ্বকাপৰ সোণালী কাপত চুমা দি মেছিয়ে যেন সকলোকে কলে- বিদায়, বিদায়…
আজিৰ পৰা ১৯ বছৰ পূৰ্বে স্পেইনৰ অন্যতম ক্লাব বাৰ্ছিলোনাৰ হৈ জ্যেষ্ঠ দলটোত জীৱনৰ প্ৰথমখন খেলত অৱতীৰ্ণ হৈছিল মেছি । তেতিয়াৰ পৰাই নিজৰ যাদুৰে বিশ্ববাসী তথা ফুটবল প্ৰেমীৰ মনত অন্য আসন বনাই আহিছে মেছিয়ে। বগাৰ ওপৰত নীলা আচঁ পৰা জাৰ্ছীটোৰ সৈতে মেছিক পাহৰিব নোৱাৰে ফুটবল প্ৰেমীয়ে। ফ্ৰান্সৰ দুৰ্দান্ত প্ৰদৰ্শনত নেওচি মেছিবাহিনীয়ে ইতিহাসত লিপিবদ্ধ কৰিলে নিজৰ নাম।
নিজৰ ভৰিৰ যাদুৰে বিগত ১৯ বছৰে সন্মোহিত কৰি ৰাখিলে সমগ্ৰ বিশ্বক । আজি আজি এই বিদায় ক্ষণতো দি গ’ল সৰ্বশ্ৰেষ্ঠ উপহাৰ। যি ফুটবলক অতবৰ্ষৰ পৰা মেছিয়ে দিলে নিজৰ সৰ্বস্ব । সেই ফুটবলৰ পৰা মেছিয়ে ২০২২ৰ ১৯ডিচেম্বৰত ললে ৰাজকীয় বিদায়..