ডিজিটেল ডেস্কঃ পঢ়া-শুনাত অতিকৈ ভাল তাই। মেট্ৰিকত ৯৪.৪শতাংশ, হায়াৰা চেকেণ্ডাৰীত ৮৪.৫শতাংশ নম্বৰ লৈ উৰ্ত্তীণ হৈছিল। ভৱিষ্যতে চিকিতসক হোৱাৰ সপোন পুহি ৰখা ছোৱালীজনীয়ে সপোনাৰ পিছা কৰিয়েই মেডিকেলৰ প্ৰৱেশিকা পৰীক্ষাত ৪১৭নম্বৰৰে স্থান লাভো কৰিছিল। কিন্তু তেনে সফলতাৰ সময়তে ছোৱালীজনীৰ জীৱনলৈ যেন নামি আহিল ঘোৰ অন্ধকাৰ। নিয়তিয়ে ছোৱালীজনীক লৈ ললে এক নিষ্ঠুৰ সিদ্ধান্ত।
ছোৱালীজনীৰ নাম ময়ুৰী গগৈ। শিৱসাগৰ জিলাৰ জাঁজী আমগুৰিত তাইৰ ঘৰ। অতিকৈ মেধাৱী ছোৱালীজনী এতিয়া দুয়োটা কিডনী বিকল হৈ GMC SUPERSPECIALITY হস্পিতালত এডমিট্ হৈ আছে। উপাৰ্জন বুলিবলৈ দেউতাকৰ এখন সৰু পান-তামোলৰ দোকান আছিল যিখন এতিয়া বন্ধ ৰাখিৱলগীয়া হৈছে। পৰিয়াল তথা বন্ধু-বান্ধৱৰ অভিযোগ, বহু সংবাদ মাধ্যম, ৰাজনৈতিক ব্যক্তিৰ ওচৰলৈ সহায় বিচাৰি গৈয়ো একো সুফল নাপালে।