ডিজিটেল ডেস্কঃ জ্যেষ্ঠৰ সলনি এইবাৰ নতুন চামক নেতৃত্ব দি কংগ্ৰেছক পুণৰুদ্ধাৰ কৰিব খুজিছে কংগ্ৰেছ হাইকামাণ্ডে। সেয়েহে হয়তো শেহতীয়াকৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ সলনিক লৈ আৰম্ভ হৈছে না না সমীকৰণ। এই সমীকৰণত অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি হিচাপে দায়িত্ব লবলৈ আগবাঢ়িছে সাংসদ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে।
শেহতীয়াকৈ আমি লাভ কৰা তথ্য অনুসৰি, বৰ্তমানৰ সভাপতি ভূপেন বৰাক আঁতৰাই নতুন সভাপতি হিচাপে গৌৰৱ গগৈয়ে ২০২৩ৰ জানুৱাৰীত দায়িত্ব লব। ২৪ৰ নিৰ্বাচনৰ আগত কংগ্ৰেছৰ এই আমোল পৰিৱৰ্তনে দলটোক কেনেকৈ লাভ দিয়ে সেয়া সময়েহে কব যদিও অসমৰ প্ৰেক্ষাপটত কংগ্ৰেছৰ অতি শোচনীয় অৱস্থাৰ মাজতে হাইকামাণ্ডে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
এতিয়া সম্পূৰ্ণ ৰূপে বেকফুটত যোৱা কংগ্ৰেছ দলটোক গৌৰৱ গগৈয়ে কেনেকৈ পূৰ্বৰ অৱস্থালৈ আনে সেয়া সময়তহে দেখা যাব।