ডিজিটেল ডেস্কঃ দক্ষিণৰ মেগাষ্টাৰ ৰজনীকান্তৰ আজি ওপজা দিন। ১৯৫০চনৰ আজিৰ দিনটোতে জন্ম হৈছিল ৰজনী কান্তে। ২০২৩ৰ ১২ডিচেম্বৰত ৭২বছৰ সম্পূৰ্ণ কৰিলে অভিনেতা, পৰিচালক তথা প্ৰযোজক গৰাকীয়ে। ৰজনীকান্তৰ আচঁল নাম হৈছে- শিৱাজী ৰাও গায়কোৱাড। তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী তামিল চলচ্চিত্ৰ কে. বালাচান্দেৰৰ দ্বাৰা পৰিচালিত অপূৰ্ৱ ৰাগাংগল (১৯৭৫) নামৰ চলচ্চিত্ৰ খনৰ জৰিয়তে অভিনয় জগতত প্ৰৱেশ কৰিছিল। কে. বাল্লাচান্দেৰক ৰজনীকান্তে তেওঁৰ মাৰ্গদৰ্শকৰ মৰ্যাদা দিয়ে।
তামিল চলচ্চিত্ৰত অলপদিনৰ বাবে ঋণাত্মক (antagonistic) চৰিত্ৰত অভিনয় কৰাৰ পিছত ৰজনীকান্ত ক্ৰমান্বয়ে এগৰাকী প্ৰতিষ্ঠিত অভিনেতা স্বৰূপে স্বীকৃত হ’ল। ভাৰতীয় জনসাধাৰণৰ মাজত তেওঁ অদ্যাপি চলচ্চিত্ৰ বিগ্ৰহ (matinee idol) হিচাপে অতীৱ জনপ্ৰিয়। তেওঁৰ চালচলন আৰু চলচ্চিত্ৰসমূহত সুৰুচিপূৰ্ণ সংলাপ পৰিৱেশন জনসাধাৰণৰ মাজত তেওঁৰ জনপ্ৰিয়তা আৰু আকৰ্ষণৰ অন্যতম কাৰণ।
২০০৭ চনত মুক্তিপ্ৰাপ্ত শিৱাজী নামৰ চলচ্চিত্ৰখনত অভিনয়ৰ বাবে ৰজনীকান্তক ২৬ কোটি টকা পাৰিশ্ৰমিক হিচাপে আগবঢ়োৱা হৈছিল আৰু ইয়াৰ জৰিয়তে জেকী চানৰ পিছতেই এছিয়া মহাদেশৰ সকলোতকৈ বেছি পাৰিশ্ৰমিকপ্ৰাপ্ত অভিনেতা হিচাপে পৰিগণিত হয়।
১৯৫০ চনৰ ১২ ডিচেম্বৰত বৰ্তমানৰ কৰ্ণাটক ৰাজ্য আৰু তাহানিৰ মহীশূৰ ৰাজ্যৰ অন্তৰ্ভুক্ত বেংগালুৰু চহৰত ৰজনীকান্তৰ জন্ম হয়। শৈশৱতে ৰজনীকান্তৰ নাম আছিল শিৱাজী ৰাও গায়কোৱাড। তেওঁৰ পিতৃ আছিল পুলিচ কনিষ্টবল ৰামোজীৱ ৰাও গায়কোৱাড (Ramoji Rao Gaikwad) আৰু মাতৃ জীজাবাই।
পৰিয়ালৰ চাৰিজন সহোদৰৰ ভিতৰত ৰজনীকান্ত আটাইতকৈ কনিষ্ঠ আছিল। তেওঁৰ দুজন ভাতৃ আৰু এগৰাকী ভগ্নী আছিল। তেওঁৰ ন বছৰ বয়সতে মাতৃৰ মৃত্যু ঘটে। ইয়াৰ পৰৱৰ্ত্তী কালত তেওঁ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয়। এই সময়ছোৱাত ৰজনীকান্তে বিভিন্ন কাম যেনে কুলীৰ কাম আদি কৰি পেট প্ৰৱৰ্ত্তাবলগীয়াত পৰে। তেওঁ বেংগালুৰুৰ গৱিপুৰম আদৰ্শ চৰকাৰী বিদ্যালয় (Government Model Primary School)-ত কন্নড় মাধ্যমত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে।
১৯৬৬ ৰ পৰা ১৯৭৩ চনলৈকে তেওঁ বেংগালুৰু আৰু মাদ্ৰাছত বিভিন্ন ঠাইত কাম কৰে। পৰৱৰ্ত্তী কালত তেওঁ বাংগালোৰ ট্ৰেন্সপোৰ্ট চাৰ্ভিচ (Bangalore Transport Service, BTS)-ত বাছৰ কণ্ডাক্টৰ হিচাপে সংস্থাপন লাভ কৰে। এই সময়ছোৱাতে কন্নড় নাট্য পৰিচালক টপী মুনিআপ্পাই (Topi Muniappa) তেওঁক কেইখনমান নীতিশিক্ষামূলক নাটকত অভিনয় কৰাৰ সুযোগ দিয়ে। ইয়াৰ ভিতৰত Duryodhana নামৰ নাটকখন উল্লেখযোগ্য।
১৯৭৩ চনত তেওঁৰ সহকৰ্মী আৰু বন্ধু ৰাজ বাহাদুৰ (Raj Bahadur)-ৰ প্ৰভাৱত পৰি ৰজনীকান্তে মাদ্ৰাছ ফিল্ম ইনষ্টিটিউট (Madras Film Institute)-ত ভৰ্ত্তি হয়। এইগৰাকীয়ে বন্ধুৱেই তেওঁক এই সময়ত অৰ্থনৈতিকভাৱেও সহায় কৰে। কোনো নাটকত কৰা ৰজনীকান্তৰ অভিনয় চাই তামিল চলচ্চিত্ৰ পৰিচালক কে. বালাচ্ছেন্দাৰ (K. Balachander)-এ তেওঁক দিক্ নিৰ্দেশনা দিয়ে। পৰিচালক গৰাকীয়ে ৰজনীকান্তক তামিল ভাষা শিকিবলৈ উপদেশ দিয়ে আৰু ৰজনীকান্তেও এই উপদেশ তৎপৰতাৰে পালন কৰে।
১৯৮১ চনৰ ২৬ ফেব্ৰুৱাৰীত ৰজনীকান্তে ৩১ বছৰ বয়সত অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিত লতা ৰংগচাৰীক বিয়া কৰায়। তেওঁলোকৰ দুগৰাকী কন্যা সন্তান আছে: ঐশ্বৰ্য ৰজনীকান্ত আৰু সৌন্দৰ্য ৰজনীকান্ত। তেওঁৰ পত্নী লতাই বৰ্তমান “The Ashram” এখন বিদ্যালয় চলাই আছে। তেওঁৰ ডাঙৰ জীয়ৰী ঐশ্বৰ্যই ২০০৪ চনৰ ১৮ নৱেম্বৰত তামিল অভিনেতা ধনুষক বিয়া কৰায় আৰু বৰ্তমান তেওঁলোকৰ Yathra আৰু Linga নামৰ দুটা পুত্ৰ সন্তান আছে। তেওঁৰ কনিষ্ঠা কন্যা সৌন্দৰ্য চলচ্চিত্ৰ উদ্যোগত পৰিচালক, প্ৰযোজক আৰু গ্ৰাফিক ডিজাইনাৰ হিচাপে কৰ্মৰত। ২০১০ চনৰ ৩ ছেপ্টেম্বৰত সৌন্দৰ্যৰ উদ্যোগপতি অশ্বিন ৰামকুমাৰৰ সৈতে বিবাহ সম্পন্ন হয়।
ৰজনীকান্তক বহু পুৰস্কাৰ আৰু সন্মান প্ৰদান কৰা হৈছে। মূলতঃ তামিল চলচ্চিত্ৰত কৰা অভিনৰ বাবে এই বঁটাসমূহ প্ৰদান কৰা হৈছে। তেওঁ ১৯৮৪ চনত পোনপ্ৰথমবাৰৰ বাবে Nallavanuku Nallavan-ত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। শিৱাজী (২০০৭) আৰু অন্থিৰণ (২০১০) চলচ্চিত্ৰদুখনত কৰা অভিনয়ৰ বাবে তেওঁ ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনীত হৈছিল। ৰজনীকান্তে Muthu (১৯৯৫), Padayappa (১৯৯৯), চন্দ্ৰমুখী (২০০৫) আৰু শিৱাজী (২০০৭)-ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। অভিনয়ৰ পাৰদৰ্শিতাৰ লগতে প্ৰযোজনা আৰু চলচ্চিত্ৰ লিখনৰ বাবে চিনেমা এক্সপ্ৰেছ আৰু ফিল্মফেনছ এছ’ছিয়েনৰ পৰাও তেওঁ বহুসংখ্যক বঁটা লাভ কৰিছে।
ৰজনীকান্তে তামিলনাডু চৰকাৰৰ পৰা ১৯৮৪ চনত Kalaimamani বঁটা আৰু ১৯৮৯ চনত M. G. R. বঁটা লাভ কৰে। South Indian Film Artistes’ Association-এ তেওঁক Kalaichelvam বঁটা প্ৰদান কৰিছিল। ভাৰত চৰকাৰে ২০০০ চনত তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে।
২০০৭ চনত এন ডি টি ভি-ৰ দ্বাৰা তেওঁ Indian Entertainer of the Year হিচাপে নিৰ্বাচিত হয়। এইক্ষেত্ৰত তেওঁৰ প্ৰতিদ্বন্দ্বী আছিল শ্বাহৰুখ খান। একে বছৰতেই মহাৰাষ্ট্ৰ চৰকাৰে তেওঁ ৰাজ কাপুৰ বঁটা প্ৰদান কৰে। ২০১০ চনৰ বিজয় বঁটা প্ৰদান অনুষ্ঠানত ৰজনীকান্তক Chevalier Sivaji Ganesan Award for Excellence in Indian Cinema প্ৰদান কৰা হয়।[131] Asiaweek-ৰ দ্বাৰা ৰজনীকান্ত দক্ষিণ এছিয়াৰ সবাতোকৈ প্ৰভাৱশালী ব্যক্তি হিচাপে ঘোষিত হৈছিল।
Forbes India-ৰ দ্বাৰা তেওঁ ২০১০ চনত সবাতোকৈ প্ৰভাৱশালী ভাৰতীয় হিচাপে ঘোষিত হৈছিল।২০১১ চনত ৰজনীকান্তক এন ডি টি ভি-য়ে Entertainer of the Decade সন্মান প্ৰদান কৰে আৰু সেইসময়ৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী পি চিদাম্বৰমে তেওঁক এই বঁটা প্ৰদান কৰিছিল।২০১৬ চনত ভাৰত চৰকাৰে তেখেতক দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণেৰে সন্মানিত কৰে। ২০১৯ চনৰ দাদাচাহেব ফাল্কে বঁটা তেওঁলৈ প্ৰদান কৰা হয়।