ডিজিটেল ডেস্কঃ আছুৰ সভাপতি দিপাংক কুমাৰ নাথে এৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়া। ব্যক্তিগত কাৰনতে আছুৰ মজিয়া এৰা বুলি সদৰি কৰিলেও ৰাজনৈতিক বিশ্লেষকসকলে এই পদত্যাগৰ আঁৰত বিচাৰি পাইছে কাৰন। ভিতৰুৱা এক খবৰ অনুসৰি, সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰিব পাৰে সদৌ অসম ছাত্ৰ সন্থাৰ সদ্যবিদায়ী সভাপতিগৰাকীয়ে।
এতিয়া সকলোৰে মনত প্ৰশ্ন উদয় হৈছে যে, দিপাংক কুমাৰ নাথে কোন ৰাজনৈতিক দলত যোগদান কৰাৰ সম্ভাৱনা আছে। চৰ্চা অনুসৰি জাতীয়তাবাদী এক ভাৱধাৰাৰ গৰাকী দিপাংক কুমাৰ নাথে অসম গণ পৰিষদত যোগদানৰ সম্ভাৱনা আছে। কিন্তু নাথে অগপতকৈ বিজেপিৰ প্ৰতিহে বেছি আকৰ্ষিত বুলি জানিব পৰা গৈছে।
সেয়া যি কি নহলেও, কিছুদিন বিৰতিৰ মূৰতহে গম পোৱা যাব যে, পেছাত এগৰাকী অধিবক্তা দিপাংক কুমাৰ নাথৰ পৰৱৰ্তী লক্ষ্যস্থান কত আছে। একাংশই দিপাংক কুমাৰ নাথে আপত যোগদান কৰিব বুলিও চৰ্চা কৰিছে।