ডিজিটেল ডেস্কঃ গুজৰাটত যেন জয় মানেই বিজেপি। কোনো শক্তিয়ে ৰোধিব নোৱাৰে বিজেপিক। গুজৰাটৰ বিজেপিৰ যি সবল ভেটিঁ, সেই ভেটিঁ লৰাবকে নোৱাৰিলে আপ আৰু কংগ্ৰেছে। আনহে নালাগে নিৰ্বাচনৰ ঠিক আগেয়ে গুজৰাটৰ মৰবীত সংঘটিত হোৱা শোকাৱহ দলং দুৰ্ঘটনা হোৱা সমষ্টিতো জয়ী হল বিজেপিৰ প্ৰাৰ্থী।
উল্লেখ কৰা প্ৰয়োজন যে, এই দলং দুৰ্ঘটনাত ১৩০জনৰো অধিক লোকৰ মৃত্যু হৈছিল। এই ঘটনাক লৈয়ে বিৰোধীয়ে তীব্ৰ কটাক্ষৰ লগতে ৰাজনীতিৰ লাভালাভ লবলৈ যত্ন কৰিছিল যদিও গুজৰাটবাসীয়ে আস্থা ৰাখিলে বিজেপিৰ ওপৰতেই। এই সমষ্টিটোত ২৭হাজাৰো অধিক ভোটত জয়ী হয় বিজেপিৰ প্ৰাৰ্থীগৰাকী।
আনহাতে সমষ্টিটোত তৃতীয় স্থানতহে থাকে আম আদমীৰ প্ৰাৰ্থীগৰাকী।