ডিজিটেল ডেস্কঃ না না প্ৰতিশ্ৰুতি আৰু হাজাৰটা কথা দিও যেন গুজৰাটত নিৰ্বাচনী বৈতৰণী পাৰ হব নোৱাৰিলে কেজৰিৱালে। দিল্লী, পঞ্জাৱৰ পিছত গুজৰাটত খোপনি পুতিবলৈ অপ্ৰাণ চেষ্টা কৰা কেজৰিৱালক প্ৰত্যাখান কৰিলে গুজৰাটবাসীয়ে। গুজৰাটত কেজৰিৱালৰ আম আদমী পাৰ্টিয়ে এনেদৰে শোচনীয় পৰাজয় লাভ কৰিলে যে, আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীগৰাকীয়েও পৰাজয় বৰণ কৰিলে।
আম আদমী পাৰ্টিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী Isudan Gadhvi বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে শোচনীয় পৰাজয়বৰণ কৰে। উল্লেখ কৰা প্ৰয়োজন যে, গুজৰাটৰ আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীগৰাকী প্ৰথম ৰাউণ্ডৰ পৰাই পিছ পৰি আছিল।
ইফালে গুজৰাটত ইতিহাস সৃষ্টি কৰি গুজৰাটত ১৮২খন আসনৰ ভিতৰত ১৫৫খন আসনতে বিজেপিয়ে অগ্ৰগতি লাভ কৰি আছে।