ডিজিটেল ডেস্কঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰে নাম সাঙুৰ খাই বহুদিন আত্মগোপন কৰি অৱশেষত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা ৰাহুল চেত্ৰীক লৈ তদন্তকাৰী আৰক্ষীয়ে সদৰি কৰিছে কিছু কথা। শেহতীয়াকৈ একাংশই ৰাহুল চেত্ৰীক বিভিন্ন যুক্তিৰে নিৰাপত্তা দিবলৈ চেষ্টা কৰিছে যদিও আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে, ডিব্ৰুগড়ৰ উক্ত ঘটনাৰ মূল অভিযুক্ত ৰাহুল চেত্ৰী।
ভুক্তভোগী আনন্দ শৰ্মাইও উক্ত বিষয়ক লৈ প্ৰথমে ৰাহুল চেত্ৰীয়ে প্ৰহাৰ কৰিছিল বুলিয়েই মতপোষণ কৰিছিল। আৰু তেওঁৰ উচিত শাস্তি দাবী কৰিছিল। আৰক্ষীৰ প্ৰাৰম্ভিক স্তৰত ৰাহুল চেত্ৰী অভিযুক্ত বুলি প্ৰমাণ পোৱাৰ পাছতে আৰক্ষীয়ে তেওঁক ৫দিনৰ জিম্মাাতো লৈছে। ইফালে এতিয়াও পলাতক হৈ আছে কেইবাজনো অভিযুক্ত শিক্ষাৰ্থী।