ডিজিটেল ডেস্কঃ টীম ইণ্ডিয়াৰ চৰম বিপৰ্যয়ৰ পাছত দাবী উত্থাপন হৈছিল যে, দলটোৰ অধিনায়কৰ লগতে সলনি হব লাগে মুখ্য প্ৰশিক্ষক। মুখ্য প্ৰশিক্ষকৰ দায়িত্বত থকা ৰাহুল দ্ৰাবিড়ক আতৰোৱাৰ দাবী উত্থাপন হৈ থকাৰ সময়তে শেহতীয়াকৈ এটা খবৰে বিশেষ চৰ্চা লাভ কৰিছে। কিছুদিনৰ পাছতে নিউজিলেণ্ডত অনুষ্ঠিত হবলগীয়া বিশেষ শৃংখলাত মুখ্য প্ৰশিক্ষকৰ লগতে কেপ্তেইন ৰোহিত শৰ্মা, বিৰাট কোহলী, কে এল ৰাহুল, ৰবিচন্দ্ৰন অশ্বিনৰ নিচিনা তাৰকা খেলুৱৈক স্থান দিয়া হোৱা নাই।
নিউজিলেণ্ডৰ এই চিৰিজখনত ভাৰতীয় দলটোৰ প্ৰশিক্ষক হিচাপে থাকিব ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ অধ্যক্ষ তথা প্ৰাক্তন ক্ৰিকেটাৰ ভি ভি এছ লক্ষ্মণ। বি চি চি আইৰ তৰফৰ পৰা এই তথ্য ইতিমধ্যে ৰাজহুৱা কৰা হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, ভি ভি এছ লক্ষ্মণে পূৰ্বেও বহু কেইটা চিৰিজত ভাৰতীয় দলটোক প্ৰশিক্ষণ দিছে। অহা ১৮ নৱেম্বৰৰ পৰা আৰম্ভ হব এই চিৰিজ।
ইফালে উল্লেখ কৰিবলগীয়া কথাটো হল, বি চি চি আইয়ে স্পষ্ট কৰা অনুসৰি, ধাৰাবাহিকভাৱে মেচ খেলি থকাৰ বাবেই মুখ্য প্ৰশিক্ষকৰ লগতে এই তাৰকা খেলুৱৈসকলক কিছু আহৰি দিয়া হৈছে। ইয়াত কোনো অন্য কাৰন নাই।