ডিজিটেল ডেস্কঃ বলীউডৰ দাবাং খানৰ শেহতীয়া ছবি ‘অন্তিম’ য়ে মুক্তি লাভ কৰিছে৷ চলমান খানৰ ছবি ‘অন্তিম দ্য ফাইনেল ট্ৰুথ’য়ে ছবিগৃহত যথেষ্ট সমাদৰো লাভ কৰিবলৈ সক্ষম হৈছে। বহু সংখ্যক অনুৰাগীয়ে ভাইজানক পৰ্দাত এবাৰ চাবৰ বাবেই চিনেমা হ’লত উপস্থিত হৈছে৷
অনুৰাগীসকলে ভাইজানক দেখি আনন্দত আত্মহাৰা হৈ কৰা এক কাণ্ডই সামাজিক মাধ্যমত খলকনি তুলিছে৷ সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ’ ত দেখা গৈছে যে ভাইজানৰ একাংশ অনুৰাগীয়ে চিনেমা চাই হ’লৰ ভিতৰতে ফটকা ফুটাবলৈ আৰম্ভ কৰে। চিনেমাখন চোৱাৰ পিছতে এনেদৰে ফটকা ফুটোৱা কাৰ্যক লৈ ক্ষোভিত হৈছে অভিনেতা চলমান খান৷ চলমান খানে নিজেই অনুৰাগীসকলক অনুৰোধ কৰিছে যাতে এনে কাৰ্য পুনৰ যাতে সংঘটিত নহয়।
উল্লেখ্য যে, চলমানে তেওঁৰ অনুৰাগীৰ লগতে চিনেমা হলৰ মালিকসকলকো অনুৰোধ জনাই কয় যে,‘দৰ্শকসকলক চিনেমা হ‘লৰ প্ৰৱেশদ্বাৰত নিৰাপত্তাৰক্ষীসকলে ভালধৰণে পৰীক্ষা কৰক৷ কোনোবা দৰ্শকে তেনে সামগ্ৰী লৈ প্ৰবেশ কৰিলে তেওঁলোকক এনে কৰাত বাধা দিয়ক। মনোৰঞ্জন লওক এনে অনৈতিক কামৰ পৰা আতঁৰি থাকক৷’