1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 7:28 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

কিমৰ স্বেচ্ছাচাৰিতা, নিজ ইচ্ছাৰে বান্ধিব নোৱাৰিব চুলিও…

  • Update Time : Saturday, November 27, 2021

ডিজিটেল ডেস্কঃ উত্তৰ কোৰিয়াৰ শাসক কিম জং উনৰ কিছু কৰ্ম-কাণ্ডৰ বাবেই সময়ে সময়ে চৰ্চাত থাকে। বিগত কেইমাহ পূৰ্বে কিম জং উনৰ মৃত্যু হোৱা বুলিও এক উৰাবাতৰি সমগ্ৰতে বিয়পি পৰিছিল। তাৰ কিছুদিন পিছতেই একাংশই কিম জং উনক প্ৰত্যক্ষ কৰে আৰু এই খবৰ ভূৱা প্ৰমাণিত হয়। ঠিক একেদৰে উত্তৰ কোৰিয়াৰ অন্যান্য খবৰসমূহৰ দৰেই কিমৰ ব্যক্তিগত জীৱনটো ৰহস্যৰ আৱৰ্ততেই আছে। প্ৰায় ২০১২ চন মানৰ পৰা কিমৰ আশে-পাশে এগৰাকী মহিলাৰ উপস্থিতি দেখা গৈছে কিন্তু সেই মহিলাগৰাকী কোন? কিম জং উনৰ পত্নী নেকি বুলিও চৰ্চা চলিছিল। অৱশেষত তেওঁৰ কাষত থকা মহিলাগৰাকীয়েই কিমৰ পত্নী সল-জু বুলি জানিব পৰা গৈছে। অৰ্থাত তেৱেই উত্তৰ কোৰিয়াৰ ফাৰ্ষ্ট লেডী।

কিমৰ সৈতে বিয়াত বহাৰ পূৰ্বে সল-জু এগৰাকী সংগীত শিল্পী আছিল। কিন্তু কিমৰ সৈতে বিয়া হোৱাৰ পিছতেই সলনি হ’ল সল-জুৰ জীৱন। কঠোৰ শাসন কেৱল দেশবাসীৰ ওপৰতে কিমে জাপি দিছে তেনে নহয়। পত্নীক লৈও অত্যন্ত ৰক্ষণশীল কিম। কঠোৰ শাসনৰ মাজত তীৱন অতিবাহিত কৰি ব লগা হৈছে উত্তৰ কোৰিয়াৰ ফাৰ্ষ্ট লেডী সল-জুৱেও। ২০০৯ চনত একপ্ৰকাৰে বলপূৰ্বকভাৱেই কিমে বিয়া কৰাইছিল সল-জুক। সল-জুৰ প্ৰকৃত পৰিচয়, জন্মস্থান, বয়স ইত্যাদি কোনো পৰিচয়েই বৰ্তমানো অজ্ঞাত।

কেৱল পৰিচয়েই অজ্ঞাত এনে নহয়, সল-জুৰ নিজা জীৱনটোৰ ওপৰতো নাই কোনো অধিকাৰ। তেওঁ কি খাব, কি পিন্ধিব, প্ৰথমে আধুনিক সাজ পোছাকত দেখা গৈছিল সল-জু ক। বৰ্তমানে কিন্তু সল-জুক এনে সাজ-সজ্জাত দেখা নাযায়। উত্তৰ কোৰিয়াৰ পৰম্পৰাগত সাজেই পৰিধান কৰা দেখা যায় সল-জু। অন্যান্য দেশৰ ফাষ্ট লেডীসকলৰ দৰে সল-জুৱে কোনো সামাজিক অনুষ্ঠানত অকলশৰে ভাগ ল’ব নোৱাৰে। কোনো বিদেশ ভ্ৰমনত অংশগ্ৰহণ কৰিব নোৱাৰে। আনকি কিমৰ অনুমত্ অবিহনে নিজৰ এখন ফটোও তুলিব নোৱাৰে সল-জুৱে।

শেহতীয়াকৈ চৰ্চালৈ আহিছে কিমে কেৱল পিন্ধা বা অন্যান্য ক্ষেত্ৰতেই হস্তক্ষেপ কৰে এনে নহয়, ফাৰ্ষ্ট লেডীগৰাকীয়ে কেনেদৰে চুলিখিনি বান্ধিব সেই কথাও কিমৰ নিৰ্দেশ মতেহে হয়। ফাৰ্ষ্ট লেডীগৰাকীৰ ভাইৰেল ফটোবোৰতেই এই কথা স্পষ্ট হৈ ধৰা দিয়ে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme