1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
December 14, 2024, 5:27 pm
Trending:
বাস্তু শাস্ত্ৰ অনুসৰি এই বিশেষ উপাদানৰ জৰিয়তে নদন-বদন হ’ব আপোনাৰ ঘৰখন হৃদৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ খাদ্যৰ পৰা এৰাই চলক এইসমূহ দিশ শৰীৰৰ হাড় মজবুত কৰি ৰাখিব বিচাৰিলে গ্ৰহণ কৰক এইসমূহ ফল ঘৰত নেতিবাচক প্ৰভাৱ পৰিলে কেনেকুৱা ধৰণৰ বাতাবৰণৰ সৃষ্টি হয়, জানি লওঁক পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক

প্ৰেমত অভিমান ৩দিনতকৈ বেচি হ’লে জন্ম হয় জেদৰঃ ‘ডেমফুল’ আৰু ‘জানমণি’ৰ প্ৰেম…

  • Update Time : Tuesday, October 25, 2022

ডিজিটেল ডেস্কঃ প্ৰায় ২০০৩চনৰ পৰা আৰম্ভ হোৱা এটা সম্পৰ্ক। এটা দশকৰো অধিক কাল এই প্ৰেম নামৰ এই সম্পৰ্কৰ বান্ধোন ডাল সজীৱ হৈ আছিল। তাৰ পাছত ২০১২-১৩ত হঠাতে কিছু কাৰনৰ বাবে এই সম্পৰ্কটোৰ ইতি পৰিছিল। এই সম্পৰ্কটোৱেই আছিল ডেমফুল আৰু জানমণিৰ সম্পৰ্ক। ইয়াৰ পিছতে ২০১৫ৰ পৰা ২০২২ৰ লৈকে কোনো যোগাযোগ, কথা-বতৰা দুয়োৰে মাজত নাছিল। আৰু সুদীৰ্ঘ ৭বছৰৰ মূৰত তেওঁলোকৰ হ’ল আকৌ দেখা। সেই দেখা হ’ল তাকো টিভি ষ্টুডিঅত।

Nogar Sangor | Moromjaan 2012 | Zubeen Garg | Exclusive video | Shyamantika  | Nayan Nilim - YouTube

৭বছৰৰ মূৰত তেওঁলোকৰ প্ৰেম, সংঘাত, সংগ্ৰামৰ যাত্ৰা সকলোৱে শুনিলে। দুয়োয়েই যিমানলৈকে পাৰি সিমানৰ লৈকে মনৰ ভাৱ ব্যক্ত কৰিলে। একেলগে থকা সময়ৰ কথা, বিচ্ছেদৰ পিছৰ সময়চোৱাৰ কথা বুকুত যেন এটা শিল থৈ কৈ গ’ল দুয়ো। দুয়োগৰাকীয়েই কলে- অতীতক লৈ কোনো আক্ষেপ নাই, নাই শত্ৰুতাৰ মনোভাৱো।

Tumi Moi Eadin Jana |Assamese Bihu | Junbai | Zubeen | Manas | Nayan Nilim  | Shyamontika - YouTube

কথাৰ মাজতে ডেমফুল খ্যাত নয়ন নিলীমে কলে- প্ৰেমত অভিমান ভাল, কিন্তু জেদ বেয়া। অভিমান যেতিয়া ৩দিনতকৈ বেছি দিন থাকিব তেতিয়াই দুয়োপক্ষৰ মাজত সৃষ্টি হয় জেদৰ। ঠিক তেনেদৰে শ্যামন্তিকাইও কলে- জীৱন এজন সচাঁ মানুহক লগ পাইছিলো। যাৰ অন্তৰ বহুত চাফা। কিন্তু তামাম জেদী আৰু খঙাল আছিল নয়ন দা।

২০০২চনৰ ৰংমন নামৰ এখন চিনেমাৰ শ্বুটিঙত প্ৰথম দেখা পাইছিল নয়ন নিলীমে শ্যামন্তিকাক। তাৰ পিছৰে পৰাই আৰম্ভ হৈছিল প্ৰেমৰ যাত্ৰা। দুয়ো দুয়োৰে সংগী হৈ ছবিজগতত দখল কৰিছিল এখন সুকীয়া আসন। কিন্তু সময়ৰ পাকচক্ৰত দুয়োৰে মাজৰ সম্পৰ্কত ফাঁট মেলিল। তাৰ বহুবছৰৰ পাছত বিবাহ পাশতো আৱদ্ধ হল শ্যামন্তিকা।

Nayan Nilim's new look for an upcoming Assamese film 'Kuwo… | Flickr

ছচিয়েল মিডিয়াত মাজে মাজে নয়ন আৰু শ্যামন্তিকাৰ পুৰণি ফটো ভাইৰেল হয়। দুয়ো একেলগে হাঁহি মাতি থকাৰ ফটো। ফটোক লৈ ছচিয়েল মিডিয়াত বহুতে বহু কথা কয়। তাৰ সন্দৰ্ভতো তেওঁলোকে কলে- বহুতে ভাৱি থকাৰ দৰে আমাৰ মাজত একো শত্ৰুতা নাই। আমি সদায়েই ইজনে সিজনৰ অনুৰাগী। এইবোৰ কথাই কেতিয়াবা দুখ দিয়ে।

ডেমফুল আৰু জানমণিৰ সম্পৰ্ক নাথাকিলেও আজি আক্ষেপ নথকাৰ কথা নয়ন নিলীমে মুকলিকৈ কলে। তেওঁৰ মতে পৃথিৱীখন বহু বিশাল। এৰি অহা পৰিস্থিতিৰ কথা ভৱাতকৈ পৃথিৱীত কৰিব লগা আৰু বহু কাম থাকে ভৱিষ্যতৰ দিনত…

✓[145+] Shyamontika Sharma HD Wallpapers (Desktop Background / Android /  iPhone) (1080p, 4k) (1080x1079) (2022)

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme