1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 8:10 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

মাৰ্চৰ পূৰ্বেই মহাৰাষ্ট্ৰত পতন ঘটিব থাকৰে চৰকাৰৰ, দাবী কেন্দ্ৰীয় মন্ত্ৰীৰ

  • Update Time : Friday, November 26, 2021

ডিজিটেল ডেস্কঃ শিৱসেনা নেতৃত্বাধীন মহাৰাষ্ট্ৰৰ মিত্ৰজোঁটৰ চৰকাৰ আৰু বিৰোধী বিজেপিৰ মাজত তিক্ততা হ্ৰাস হোৱা নাই। মহাৰাষ্ট্ৰৰ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেই কৈছে যে, মাৰ্চ মাহৰ ভিতৰত মহাৰাষ্ট্ৰত বৰ্তমানৰ চৰকাৰখন কৰ্তন কৰি বিজেপি চৰকাৰ গঠন কৰা হ’ব।

উল্লেখ্য যে, এটা সময়ত এনডিএৰ বিশেষ সহযোগী শিৱসেনাৰ সৈতে বিজেপিৰ সম্পৰ্কৰ অৱনতি ঘটিছিল৷ কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেৰ বৰ্তমানৰ বিবৃতিয়ে বিষয়টো অধিক গুৰুত্ব দিব পাৰে বুলি একাংশই মন্তব্য কৰে৷ শিৱসেনাৰ সদস্য হিচাপে কাম কৰা নাৰায়ণ ৰাণে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ ইয়াৰ পিছত কংগ্ৰেছ দলত যোগদান কৰিছিল আৰু কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল নাৰায়ণ ৰাণেই৷

ইপিনে, মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ ব্যস্ত হৈ পৰিছে দিল্লীও। বৃহস্পতিবাৰে মহাৰাষ্ট্ৰ বিজেপি নেতা চন্দ্ৰকান্ত পাটিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ প্ৰাক্তন মুৰব্বী অমিত শ্বাহক সাক্ষাৎ কৰে৷ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নবিছেও অমিত শ্বাহক সাক্ষাৎ কৰে। জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টিৰ (এনচিপি) মুৰব্বী শৰদ পাৱাৰ আৰু আন এজন দলৰ নেতা প্ৰফুল্ল পেটেলও বৰ্তমান সংসদীয় সমিতিৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ দিল্লীত উপস্থিত হৈছে৷ মুঠৰ ওপৰত অনাগত দিনত মহাৰাষ্ট্ৰত বিজেপি চৰকাৰ অনাৰ বাবে সম্পূৰ্ণ যো-জা চলাইছে বিজেপি নেতা-কৰ্মীসকলে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme