ডিজিটেল ডেস্কঃ মুম্বাই তাজ হোটেলৰ লগতে মহাৰাষ্ট্ৰৰ বহুকেইখন ঠাইত সন্ত্ৰাসবাদীৰ আক্ৰমনৰ সেই ক’লা দিনটোৰ কথা নিশ্চয় প্ৰায়সংখ্যকৰে মনত আছে। ২৬/১১ ৰ সেই আক্ৰমণটোৰ ১৩ টা বছৰ সম্পূৰ্ণ হ’ল৷ সেই কলা দিনটোৰ ১৩ বছৰ উপলক্ষ্যে মহাৰাষ্ট্ৰ চৰকাৰ আৰু আৰক্ষী বিষয়াসকলে আৰক্ষী আয়ুক্ত কাৰ্যালয়ত শ্বহীদসকলক সোঁৱৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে৷
২০০৮ চনত লস্কৰ ই-তৈবা নামৰ সন্ত্ৰাসবাদী সংগঠনটোৰ মুঠ ১০ জন সন্ত্ৰাসবাদীয়ে সাগৰীয় পথেৰে আহি মুম্বাই তাজ হোটেল, ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ, অৱেৰয় ট্ৰাইডেণ্ট, কামা হস্পিতেল, লিওপোল্ড কেফে আৰু নৰিমন হাউচ ইহুদী কেন্দ্ৰকে ধৰি ৬ টা স্থানত আক্ৰমণ কৰে৷ দুদিন ধৰি চলা এই আক্ৰমণৰ পিছতে ভাৰতৰ নিৰাপত্তাৰক্ষীৰ হাতত কেৱল এজন সন্ত্ৰাসবাদী আজমল কাছভহে জীৱিত অৱস্থাত ধৰা পৰে৷
উল্লেখ্য যে এই আক্ৰমণত অসমৰো লোক হতাহত হোৱাৰ লগতে প্ৰায় ১০০ ৰো অধিক লোকে এই আক্ৰমণত প্ৰাণ হেৰুৱাইছিল৷