ডিজিটেল ডেস্কঃ কৰোনাৰ তৃতীয় ঢৌঁ আহিব বুলি মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে একপ্ৰকাৰৰ ভৱিষ্যতদ্বাণী কৰাৰ পাছতে শেহতীয়াকৈ মেডিকেল কলেজৰ ৬৬গৰাকী শিক্ষাৰ্থী আক্ৰান্ত হৈছে কৰোনাত৷ ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি আক্ৰান্ত হোৱা ৪০গৰাকী শিক্ষাৰ্থীয়ে কেইটামান দিনৰ পূৰ্বে এটা পাৰ্টিত অংশ লৈছিল৷
স্বাস্থ্য বিভাগে সদৰি কৰা অনুসৰি, আক্ৰান্ত আটাইকেইজন শিক্ষাৰ্থীয়ে দুটা পালিৰ ভেকচিন লৈছিল৷ তথাপিও শিক্ষাৰ্থীকেইজন কিয় কৰোনাত আক্ৰান্ত হল তাক লৈ চিন্তিত হৈছে চিকিতসকসকল৷ উল্লেখ কৰা প্ৰয়োজন, কৰোনাত আক্ৰান্ত হোৱা এই ৬৬গৰাকী শিক্ষাৰ্থী কৰ্ণাটকৰ ধানবাড় মেডিকেল কলেজৰ৷