ডিজিটেল ডেস্কঃ যুৱ কংগ্ৰেছৰ নতুন মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হ’ল অংকিতা দত্তক৷ কংগ্ৰেছৰ নিষ্ঠাবান নেতা প্ৰয়াত অঞ্জন দত্তৰ কন্যা অংকিতাও কংগ্ৰেছৰ দলৰ এগৰাকী সক্ৰিয় কৰ্মী৷ পিতৃৰ সমষ্টি আমবাৰীত নিৰ্বাচনী ৰণত অংশগ্ৰহণ কৰা অংকিতাই সমান্তৰাল ভাৱে যুৱ কংগ্ৰেছৰো কাম-কাজ চলাই গৈছে৷
শেহতীয়াভাৱে বৃহস্পতিবাৰে যুৱ কংগ্ৰেছে নতুনকৈ গঠন কৰা সমিতিখনত অংকিতা দত্তক সভানেত্ৰী, ৰাতুল পাটোৱাৰীক কাৰ্যকৰী সভাপতি, পৰিতোষ ৰয়ক উপসভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে৷