1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 7:10 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

মৃত্যুৰ আগৰ ষ্টপেজত কবি ৰৈ থকা নাই, বিদায় সনন্ত তাঁতী

  • Update Time : Thursday, November 25, 2021

ডিজিটেল ডেস্কঃ কবিতাৰেই প্ৰান্তীয় লোকসকলৰ বেদনা-ক্ষোভ ইত্যাদিক তুলি ধৰা এজন কবি। কিমান বেছি নিৰ্ভীক হ’লে এজন কবিয়ে কবিতাৰ জৰিয়তে উদঙাই দিব পাৰে সমাজত চলি থকা অন্যায় অবিচাৰৰ একো একোখন দস্তাবেজ। সনন্ত তাঁতী, বিপ্লৱী কবি বুলিলেই মনলৈ অহা প্ৰথম কবি গৰাকীয়েই হৈছে সনন্ত তাঁতী। সত্তৰ দশকত আত্মপ্ৰকাশ কৰা অসমীয়া সাহিত্যৰ এগৰাকী যশস্বী আৰু উল্লেখযোগ্য কবি সনন্ত তাঁতী। ‘কাইলৈৰ দিনটো আমাৰ হব’ কবিতা পুথিখনৰ বাবে ২০১৮ চনত সাহিত্য একাডেমী সন্মানেৰে সন্মানিত হোৱা সনন্ত তাঁতীয়ে দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগৰ সৈতে যুঁজি অৱশেষত নিয়তিৰে হাৰ মানিলে। বৃহস্পতিবাৰে নিশা ১.০৫ মিনিটত দিল্লীত দেহাৱসান ঘটে প্ৰান্তীয় কবিগৰাকীৰ।

কৰিমগঞ্জৰ এটা ওড়িয়া পৰিয়ালত জন্মগ্ৰহণ কৰা সনন্ত তাঁতীয়ে পোনতে বাংলা ভাষাত শিক্ষাগ্ৰহণ কৰিছিল। কৰিমগঞ্জৰ কালীনগৰ চাহবাগিছাৰ বিদ্যালয়তে শিক্ষাজীৱনৰ পাতনি মেলি পিছলৈ শ্বিলঙৰ ছেইণ্ট এণ্টনীজ কলেজত কলেজীয়া জীৱনৰ পাতনি মেলিছিল যদিও আৰ্থিক অনাটনৰ বাবে আধৰুৱাতে শিক্ষা সামৰি পুনৰ অসমলৈ উভতি আহে। অসমলৈ উভতি আহিয়েই যোৰহাটৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মজীৱনৰ আৰম্ভণি কৰে। পিছলৈ অসম চাহ কৰ্মচাৰী ভৱিষ্যতনিধি সংগঠনত জ্যেষ্ঠ উপ-ভৱিষ্যতনিধি আয়ুক্ত হিচাপে অৱসৰ গ্ৰহণ কৰে।

ছাত্ৰাৱস্থাতে সনন্ত তাঁতিয়ে কবিতাৰ প্ৰতি আগ্ৰহী হৈ উঠিছিল। ছাত্ৰাৱস্থাৰে পৰা সনন্ত তাঁতীয়ে কেইবাগৰাকী বিখ্যাত কবি সাহিত্যিকৰ সংস্পৰ্শলৈ আহিছিল আৰু তেতিয়াৰে পৰাই তেওঁ এগৰাকী যুব কবি হিচাপে পৰিচিত হৈছিল। প্ৰথমে বাংলা ভাষাতে সাহিত্য চৰ্চা কৰিছিল যদিও পিছলৈ তেঁও অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰিবলৈ আৰম্ভ কৰে। তেওঁ কেৱল অসমীয়া ভাষাত সাহিত্য চৰ্চাই কৰিলে এনে নহয়। অসমীয়া কবিতাৰ ধাৰাটোত নতুন সংযোজন বৈপ্লৱিক ভাৱসম্পন্ন কবিতাৰে অসমীয়া কবিতাক এক নতুন মাত্ৰাও প্ৰদান কৰিলে।
মানৱতাৰ সপক্ষে তথা প্ৰান্তীয় লোকসকলৰ বেদনা ক্ষোভ ইত্যাদিক কবিতাৰে তুলি ধৰা কবি গৰাকীয়ে নিজেই স্বীকাৰো কৰিছে যে, ‘যি কবিতাই মানৱ জীৱন আৰু সমাজৰ মংগল কামনাত উৎসৰ্গিত হয় সেই কবিতাই প্ৰাণস্পৰ্শী হোৱাৰ লগতে স্থায়িত্ব লাভ কৰে।’ তেওঁৰ কবিতাত কেৱল বিপ্লৱেই আছে এনে নহয়। ৰহস্যময়তা আৰু কল্পনাৰ সংমিশ্ৰণৰ লগতে তেওঁৰ কবিতাত ৰোমাণ্টিকতাও দেখা যায়।

২০১৮ চনত ‘কাইলৈ দিনটো আমাৰ হ’ব’ কবিতা পুথিখনৰ বাবে সাহিত্য একাডেমী লাভ কৰা কবিগৰাকীৰ অন্যান্য বহুকেইখন লেখত ল’বলগীয়া গ্ৰন্থ হৈছে- মই মানুহৰ অমল উৎসৱ, নিজৰ বিৰুদ্ধে শেষ প্ৰস্তাৱ, শব্দত অথবা শব্দহীনতাত, মৃত্যুৰ আগৰ ষ্টপেজত, টোপনিতো কেতিয়াবা বাৰিষা আহে, ধোঁৱা ছাইৰ সপোন, দীৰ্ণ বসন্তৰ সৌৰভ, মোৰ নিৰাভৰণ আত্মাৰ শোকাৱহ শব্দবোৰ, আপুনি আপোনাৰ স’তে যুদ্ধ কৰিব পাৰিবনে ইত্যাদি।

কবিতাৰে জনতাৰ হৃদয়ৰ সৈতে একাত্ম হৈ পৰা কবিগৰাকীয়ে বহুকেইটা সন্মানো বুটলিবলৈ সক্ষম হৈছিল। ১৯৯২ চনত অসম কবি সমাজে আগবঢ়োৱা মৃণালিনী দেৱী গোস্বামী সোঁৱৰণী বঁটা, ২০০২ চনত দলিত সাহিত্য অকাডেমি (অসম শাখা)য়ে আগবঢ়োৱা বীৰ বীৰসা মুণ্ডা বঁটা, ২০১১ চনত অসমৰ চৰ-চাপৰি সাহিত্য পৰিষদে আগবঢ়োৱা ওচমান আলী সদাগৰ সমন্বয় বঁটা, ২০১৪ চনত নগাঁৱৰ ক্ৰান্তিকাল প্ৰকাশনে আগবঢ়োৱা ক্ৰান্তিকাল সাহিত্য সন্মান, ২০১৫ চনত অসম সাহিত্য সভাই আগবঢ়োৱা নিজৰা কবি শৈলধৰ ৰাজখোৱা বঁটা, ২০১৬ চনত অসমৰ এ. পি. পি. এল. ফাউণ্ডেচনে আগবঢ়োৱা শিৰীষ-অইল সাহিত্য বঁটা, ২০১৬ চনত মুম্বাইৰ ৰমানাথ ভট্টাচাৰ্য্য ফাউণ্ডেচনে আগবঢ়োৱা পণ্ডিত পদ্মনাথ বিদ্যাবিনোদ স্মৃতি সাহিত্য পুৰস্কাৰ, ২০১৭ চনত গুৱাহাটীৰ মেগৰ শৈক্ষিক ন্যাসে আগবঢ়োৱা অসম উপত্যকা সাহিত্য বঁটা, ২০১৮ চনত ভাৰত চৰকাৰ‍ৰ অধীনস্থ সাহিত্য অকাডেমিয়ে ‘কাইলৈৰ দিনটো আমাৰ হ’ব’ কাব্য সংকলনৰ বাবে আগবঢ়োৱা সাহিত্য অকাডেমি বঁটা আৰু ২০২০ চনত অসমৰ চাহ জনজাতি সাহিত্য সভাই আগবঢ়োৱা মেঘৰাজ কৰ্মকাৰ সাহিত্য বঁটা।

উল্লেখ্য যে, মানুহৰ দুখ-দুৰ্দশা,আশা-আকাংক্ষা আৰু জয়যাত্ৰাক মূলমন্ত্ৰ হিচাপে লৈ কবিতা সৃষ্টি কৰি জনসাধাৰণৰ মনত স্থান লাভ কৰিবলৈ সক্ষম হোৱা সনন্ত তাঁতীৰ গভীৰ জীৱনবোধ আৰু দৃঢ় আত্মপ্ৰত্যয়ে কবিতাক অন্য স্থানলৈ লৈ গৈছিল। আশীৰ দশকত অসমৰ সামাজিক আৰু ৰাজনৈতিক অস্থিৰতা প্ৰত্যক্ষ কৰা কবিগৰাকীৰ কবিতাতো সেই বিদ্ৰোহে ঠাই পাইছিল। বিপ্লৱী কবিজনে ৬৯ বছৰ বয়সত বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰিছে। দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা কবিগৰাকীৰ নশ্বৰ দেহ অসমলৈ ঘূৰাই অনাৰ বাবে চৰকাৰৰ সহযোগিতা কামনা কৰিছে তেওঁৰ একাংশ গুণমুগ্ধই।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme