ডিজিটেল ডেস্কঃ কথাৰে কটাকটি আৰু বিভিন্ন সময়ত কটাক্ষৰে ইজনে সিজনক সমালোচনা কৰিলেও বুধবাৰে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সাক্ষাত কৰিলে প্ৰধানমন্ত্ৰীক। প্ৰায় আধাঘন্টা জোৰা এই বৈঠকত কি কি আলোচনা কৰিলে দুয়োগৰাকী নেতাই-
১. সীমান্ত সুৰক্ষা বল চমুকৈ BSFক অধিক ক্ষমতা প্ৰদানৰ বাবে আহ্বান কৰিলে মমতা বেনাৰ্জীয়ে। কিয়নো সীমান্তত প্ৰহৰাত থকা বি এছ এফ জোৱানক পৰ্যাপ্ত ক্ষমতা নথকাৰ বাবেই শ্বহীদ হব লগা হয় বুলি তেওঁ প্ৰধানমন্ত্ৰীৰ ওচৰত যুক্তি দাঙি ধৰে।
২. কেন্দ্ৰৰ পৰা পশ্চিমবংগই পাব লগা পুঁজিৰ সন্দৰ্ভত এই সাক্ষাতকালত আলোচনা কৰে দুয়োগৰাকী নেতাই।
৩. কৰোনা ভেকচিনৰ সন্দৰ্ভতো প্ৰধানমন্ত্ৰীক কিছু কথা অৱগত কৰে মমতা বেনাৰ্জীয়ে। তেওঁ কয় যে, বংগৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ভেকচিন যাতে কেন্দ্ৰই যোগান ধৰে। কিয়নো কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত এইক্ষেত্ৰত যাতে ৰাজনৈতিক মতভেদে স্থান নাপায়, তাক লৈও বিশেষ আহ্বান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
৪. এই সাক্ষাতকালত ত্ৰিপুৰাৰ হিংসাত্মক কাৰ্যকলাপক লৈও আলোচনা হয় দুয়োৰে মাজত। তৃণমূলৰ নেত্ৰী চয়ানী ঘোষৰ ওপৰত মুকৰ্দমা তৰাৰ কথাও প্ৰধানমন্ত্ৰীক অৱগত কৰে বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।
মূলত এই প্ৰসংগ কেইটাই আলোচনা কৰা বুলি সংবাদ মাধ্যমক অৱগত কৰিছে মমতা বেনাৰ্জীয়ে।