1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 12:01 pm

ধনী ব্যক্তিঃ অচিৰেই মুকেশ আম্বানীক চেৰাই শীৰ্ষ আসনত বহিব গৌতম আদানী…

  • Update Time : Wednesday, November 24, 2021

ডিজিটেল ডেস্কঃ এচিয়াৰ সবাতোকৈ ধনৱান ব্যক্তিৰ তালিকাৰ পৰা শীৰ্ষ স্থান হেৰুৱাব মুকেশ আম্বানীয়ে। আম্বানীৰ এই আসন দখল কৰাৰ দিশে আগবাঢ়িছে গৌতম আদানীয়ে। আদানীৰ সম্পত্তি যিটো হাৰত বৃদ্ধি হৈছে, এনদৰে হৈ থাকিলে অচিৰেই আম্বানীক চেৰ পেলাই সেই আসনত বহিব আদানী।

अडानी ग्रुप के चेयरमैन गौतम अडानी।

গৌতম আদানী

ব্লুমবাৰ্গে শেহতীয়াকৈ সদৰি কৰি তথ্য অনুসৰি, মুকেশ আম্বানীৰ বৰ্তমান সম্পত্তিৰ পৰিমাণ হৈছে ৯১ডলাৰ। আৰু শেহতীয়াকৈ গৌতম আদানীৰ সম্পত্তিৰ পৰিমাণ বৃদ্ধি হৈ হৈছেগৈ ৮৮.৮বিলিয়ন ডলাৰ। বিশ্বৰ ভিতৰতে ধনৱান ব্যক্তিৰ তালিকাত  ১২সংখ্যক স্থানত আম্বানী আৰু ১৩সংখ্যক স্থানত আছে আদানী।  শেহতীয়াকৈ আদানীৰ সম্পত্তি মুকেশ আম্বানীতকৈ প্ৰায় ২বিলিয়ন ডলাৰহে কমকৈ আছে।

আম্বানীৰ সম্পত্তিৰ পৰিমাণ কিয় হ্ৰাস পাইছে তাৰো তথ্য সদৰি কৰিছে ব্লুমবাৰ্গে। শেহতীয়াকৈ ষ্টক মাৰ্কেটত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিৰ ষ্টক যথেষ্ট হ্ৰাস পাইছে। যাৰ পৰিপ্ৰেক্ষিতত সম্পত্তিৰ ক্ষেত্ৰত কিছু তল পৰিছে আম্বানী।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme