ডিজিটেল ডেস্কঃ এজন কনিষ্ঠ অভিযন্ত্ৰাৰ ঘৰ। সেই ঘৰটোত পানীৰ নলাৰে পানীৰ পৰিৱৰ্তে ওলাই কেৱল টকা আৰু টকা। শুনি আচৰিত লাগিলেও এই ঘটনা সংঘটিত হৈছে আমাৰ দেশতে। ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে পানীৰ পাইপেৰে অজস্ৰ টকা ওলাই থকা এই বিশেষ ভিডিঅটো-
ভিডিঅটো চাওঁক-
#Karnataka: जब PWD के जूनियर इंजीनियर के घर की पाइप में पाई गईं नोटों की गड्डियां'!
कर्नाटक में ACB अधिकारियों ने PWD के जूनियर इंजीनियर शांता गौड़ा के #Kalaburagi स्थित घर में पाइपलाइन से बरामद की नोटों की गड्डियां।#PWD #ACB #AntiCorruptionBureau pic.twitter.com/FwvuGuvLD2
— Zee News Crime (@ZeeNewsCrime) November 24, 2021
এই ঘটনাতো সংঘটিত হৈছে কৰ্ণাটকত। বুধবাৰে পুৱাৰে পৰা দুৰ্নীতি নিবাৰক শাখাই প্ৰায় ৬০স্থানত চলাইছিল এক অভিযান। কেইবাজনো বিষয়াৰ লগতে কনিষ্ঠ অভিযন্ত্ৰাৰ আয়তকৈ অধিক সম্পত্তিৰ তথ্য পোৱাৰ পাছতে এই অভিযান চলিছিল। এই অভিযান কালতে কালবুৰ্গী নামৰ স্থানত থকা এগৰাকী কনিষ্ঠ অভিযন্তাৰ ঘৰৰ পাইপত এনেদৰে ওলাল টকা।
আৰক্ষীয়ে সদৰি কৰা অনুসৰি, পি ডব্লিউ ডি বিভাগৰ কনিষ্ঠ অভিযন্ত্ৰা গৰাকীৰ নাম এছ এম বীৰাদৰ। দুৰ্নীতি নিবাৰক শাখাই তেওঁক গ্ৰেপ্তাৰ কৰি সোধপোছ অব্যাহত ৰাখিছে।