ডিজিটেল ডেস্কঃ ৰিয়েলিটী শ্ব ইণ্ডিয়ান আইডলৰ পৰা বাহিৰ হোৱাৰ পাছতে অৰুণাচলৰ প্ৰতিভাৱান কন্ঠশিল্পী ৰিতু বিবাক লৈ ছচিয়েল মিডিয়াত তীব্ৰ বিৰ্তকৰ সূচনা হৈছে। বিচাৰকক পুনৰ ৰিতু ৰিবাক ৰিয়েলিটী শ্বটোত স্থান দিয়াৰ বাবে কোটি কোটি অনুৰাগীয়ে ছচিয়েল মিডিয়াত দাবী উত্থাপন কৰিছে। এনে বিৰ্তকৰ মাজতে ৰিতু ৰিবাই অনুৰাগীসকলক উদ্দ্যেশি কৰিছে এক বিশেষ আহ্বান।
ৰিতু ৰিবাই ছচিয়েল মিডিয়াত লিখিছে- আপোনালোকৰ এই সমৰ্থনৰ বাবে নিজকে ধন্য মানিছো। মোক আৰু অন্য একো স্বীকৃতিৰ প্ৰয়োজন নাই। এই মৰম আৰু আদৰে সদায়ে মোক আগুৰি ৰাখিব। মই পাবলগীয়া খিনি ইতিমধ্যে পাইছো। সকলোলৈ মৰম।’
ৰিতু ৰিবাৰ এই পোষ্টত কমেন্ট কৰিছে এই শ্বটোৰ অন্য এগৰাকী বিচাৰক তথা সংগীত পৰিচালক বিশাল ডডলানীয়ে। বিশাল ডডলানীয়ে লিখিছে- তোমাৰ সেই বিশেষ সুৰৰ গীতটো শুনাৰ পাছত একেৰাহে সেই গীতটোকে গুণগুণাই আছো। সচাঁকৈয়ে এইটো বৰ ধুনীয়া গান। ভৱিষ্যতে যদি এই গানটো বাণীৱদ্ধ কৰাৰ কথা ভাৱা মই সদায়েই আছো। এই গীতটো দৰ্শকে বাৰুকৈয়ে আদৰি লব।
উল্লেখ কৰা প্ৰয়োজন যে, ৰিয়েলিটী শ্ব ইণ্ডিয়ান আইডলৰ ১৩তম সংস্কৰণত ৰিতু ৰিবাই দুটা নিজৰ বিশেষ গানেৰে সকলোৰে মন জয় কৰিছিল।