ডিজিটেল ডেস্কঃ পত্নী বা স্বামীৰ সৈতে আপোনাৰ সঘনাই কাজিয়া হবলৈ লৈছে নেকি। বাস্ত্ৰু শাস্ত্ৰৰ মতে, পতি-পত্নীৰ মাজত সঘনাই কাজিয়া হোৱাৰ আঁৰত কিছুমান কাৰন থাকে। ঘৰৰ কিছুমান বস্তু সযতনে আৰু উচিতভাৱে থলে এনে কাজিয়াৰ কেতিয়াও সূত্ৰপাত্ৰ নহয়। জানি থওঁক বাস্তু শাস্ত্ৰৰ মতে আপোনাৰ ঘৰখন কেনেকৈ থব লাগে।
১. ঘৰত যুদ্ধৰ ফটো কেতিয়াও বেৰত আঁৰি নথবঃ বাস্তুশাস্ত্ৰৰ মতে মহাভাৰত বা যিকোনো যুদ্ধৰ সৈতে জড়িত ছবি, সিংহ, বাঘ আদি হিংস্ৰ বনৰীয়া জন্তুৰ ছবিও থাকিব নালাগে।
২. জোতা-চেণ্ডেল কেতিয়াও ওলোটাকৈ বা বিশৃংখলভাৱে মূল দুৱাৰৰ ওচৰত নাৰাখিবঃ জোতা-চেণ্ডেল কেতিয়াও ওলোটাকৈ বা বিশৃংখলভাৱে ঘৰৰ মূল দুৱাৰত ৰাখিব নালাগে। ইয়াৰ বাহিৰেও জোতা-চেণ্ডেল ঘৰৰ ভিতৰতো ইফালে সিফালে পেলাই থব নালাগে।
৩. কোনো ধৰণৰ ভঙা বস্তু ঘৰত মজুত ৰাখিব নালাগেঃ ভঙা বস্তু বা ঘৰৰ ইলেক্ট্ৰনিক সঁজুলিবোৰ বাৰে বাৰে ক্ষতিগ্ৰস্ত হৈ আছে, তেন্তে সেইবোৰো সলনি কৰিব লাগে। এনে সামগ্ৰীয়ে ঋণাত্মক পৰিৱেশৰ সৃষ্টি কৰে।
৪. নিজৰ ঘৰৰ পূজা স্থান পৰিপাটি আৰু পৰিষ্কাৰ কৰি ৰাখিব লাগেঃ প্ৰতিজন ব্যক্তিয়ে নিজৰ ঘৰৰ পূজা স্থান পৰিপাটি আৰু পৰিষ্কাৰ কৰি ৰাখিব লাগে। ইয়াৰ বাহিৰেও ঘৰৰ মন্দিৰত দেৱতাৰ ছবি বা মূৰ্তি মুখামুখিকৈ ৰাখিব নালাগে।