ডিজিটেল ডেস্কঃ জন্মদিন অসমতে উদযাপন কৰাৰ পাছত অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া এতিয়া মুম্বাইত। ব্যস্ততাৰ পৰা আতৰি স্বামী ভাস্কৰ বৰুৱাৰ সৈতে মুম্বাই একান্ত নিজা সময় পাৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে। এই মুম্বাইৰ যাত্ৰাক লৈ নিজা ইষ্টাগ্ৰাম পেজত বৰষাৰাণী বিষয়াই কেইখনমান ফটোৰ হৈছে পোষ্ট কৰিছে এই বুলি- Good evening friends 💕…sharing few beautiful memories with all of you !!
@bhaskar__boruah our tini mini Mumbai trip will be cherished forever 🥰
বৰষাৰাণী বিষয়াই আপলোড কৰা ফটো চাব পাৰিব এই লিংকত- https://www.instagram.com/p/CizvdnNhTfS/?utm_source=ig_web_copy_link
হালধীয়া পোছাক পিন্ধি থকা বৰষা-ভাস্কৰৰ এই ফটো দেখি একাংশ অনুৰাগীয়ে কমেন্ট কৰিছে যে, অসমবাসীক নতুন কিবা ভাল খবৰ দিব নেকি বৰষাৰাণী বিষয়াই। কিয়নো শেহতীয়াকৈ অসমীয়া ছবিজগতৰ কেইবাগৰাকীও অভিনেত্ৰীয়ে ভুমুকি মাৰিছে ৰাষ্ট্ৰীয় ভাষাৰ চিৰিয়েল নাইবা বলিউদত।অৱশ্যে এয়া এক সম্পূৰ্ণ ব্য়ক্তিগত ট্ৰিপ বুলি সদৰি কৰিছে বৰষাৰাণী বিষয়াই।