1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 12:33 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

এদিন মুম্বাইত অটো চলাইছিল ৰাজু শ্ৰীবাস্তৱেঃ সন্তানক দি গ ‘ল কেইবা কোটি টকাৰ সম্পত্তি…

  • Update Time : Friday, September 23, 2022

ডিজিটেল ডেস্কঃ  সমগ্ৰ দেশক হহুঁৱাই ফুৰা মানুহজন দিল্লীৰ এইমছত প্ৰায় দুমাহ কাল চিকিতসাধীন হৈ থকাৰ পাছত সকলোকে কন্দুৱাই মেলানি মাগিলে এই পৃথিৱীৰ পৰা।  কেৱল হাঁহিৰ মাধ্যমৰে জীৱন জিনিবলৈ শিকা ৰাজু শ্ৰীবাস্তৱৰ বাস্তৱ জীৱন আছিল বৰ কঠোৰ। খালী হাতেৰে এদিন মুম্বাইলৈ অহা ৰাজু শ্ৰীবাস্তৱে প্ৰথমে চলিবলৈ কৰিছিল অটোচালকৰ কাম।

অটো চলোৱাৰ সমান্তৰালভাৱে কেতিয়াবা সৰু সৰু শ্বত কথাৰ জৰিয়তে হহুৱাইছিল ৰাজু শ্ৰীবাস্তৱে। আৰু এই কামেই ২০০৫চনত জীৱন সলনি কৰি দিছিল ৰাজু শ্ৰীবাস্তৱৰ।  এটা বিশেষ ৰিয়েলিটী শ্বত অংশ লোৱাৰ পাছতে কোটি কোটি জনৰ বুকুত থিতাপি লবলৈ সক্ষম হৈছিল ৰাজুয়ে। লাহে লাহে ৰাজু শ্ৰীবাস্তৱৰ জীৱনৰ চকৰি সলনি হবলৈ লৈছিল।

এদিন দৰিদ্ৰতাৰ বাবে তেওঁৰ পিতৃয়ে বিক্ৰী কৰা গাঁৱৰ ঘৰটো ৮গুণ বেচিকৈ টকা দি ক্ৰয় কৰিছিল ৰাজুয়ে। মৃত্যুৰ সময়ৰ লৈকে ৰাজু শ্ৰীবাস্তৱৰ মূল সম্পত্তি ১৫ৰ পৰা ২০কোটি টকাৰ হব বুলি ৰাষ্ট্ৰীয় সংবাদমাধ্যমে দাবী কৰিছে। এদিন খালী হাতেৰে মুম্বাইলৈ অহা ৰাজুৰ এতিয়া মুম্বাইত আছে ৪ বি এইচ কে এটা বিলাসী অট্টালিকা। ইয়াৰ লগতে অন্য কেইবাস্থানতো তেওঁৰ আছিল বিশাল ভূমি সম্পত্তি।

উল্লেখ কৰা প্ৰয়োজন যে, মঞ্চত প্ৰথমটো শ্বৰ বাবে ৰাজুয়ে লৈছিল ৫০টকাৰ মাননি আৰু মৃত্যুৰ আগলৈকে এটা শ্বৰ বাবদ ৰাজু শ্ৰীবাস্তৱে লাভ কৰিছিল ৫-১০লাখ টকা।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme