ডিজিটেল ডেস্কঃ বঙাইগাঁৱত সম্পন্ন হ’ল গুৱাহাটীৰ বাহিৰৰ দ্বিতীয়খন কেবিনেট৷ গুৱাহাটীৰ বাহিৰৰ প্ৰথমখন কেবিনেট হৈছিল ধেমাজিত তাৰ পিচতেই বুধবাৰে দ্বিতীয়খন কেবিনেট বৈঠক সম্পন্ন হ’ল বঙাইগাঁৱত৷ বঙাইগাঁৱত দ্বিতীয়খন কেবিনেট বৈঠকৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা ঘোষণা কৰে৷
সংবাদমেলত কেবিনেটৰ সিদ্ধান্তসমূহৰ ভিতৰত মুখ্যতে হৈছে, ৰাজ্যৰ শিক্ষা ব্যৱস্থা সলনি হ’ব৷ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আৰ্হিত ৰাজ্যত হ’ব নতুন শিক্ষা ব্যৱস্থা৷ ইয়াৰোপৰি প্ৰাক-প্ৰাথমিক পৰ্যায়ৰ নাম সলনি হৈ নতুন নাম হ’ব বুনিয়াদী স্কুল৷ এই শিক্ষানীতিত নাথাকিব মেট্ৰিকৰ আগৰ দৰে গুৰুত্ব৷ লগতে নতুন ব্যৱস্থাত ৫+৩+৩+৪ আৰ্হিত প্ৰদান কৰা হ’ব শিক্ষা৷
সত্ৰৰ মাটিক লৈও কেবিনেটত সিদ্ধান্ত লোৱা হৈছে৷ সত্ৰৰ মাটি বেদখলৰ স্বৰূপ চিনাক্তকৰণৰ বাবে কমিটি গঠনৰ সিদ্ধান্ত লোৱা হৈছে৷ লগতে প্ৰাক্তন মন্ত্ৰী প্ৰদীপ হাজৰিকাক কমিটিৰ অধ্যক্ষৰ দায়িত্ব দিয়াৰ উপৰিও বিধায়ক মৃণাল হাজৰিকা, ৰূপক শৰ্মাও এই কমিটিত থকাৰ কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে৷
চৰকাৰী কৰ্মচাৰীসকলৰ বাবেও কেবিনেটত লোৱা হৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷ ২০২২ বৰ্ষৰ ৬ আৰু ৭ জানুৱাৰীত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অতিৰিক্ত ছুটী মঞ্জুৰ কৰা হ’ব৷ পিতৃ-মাতৃ আৰু শহুৰ-শাহু জীয়াই থকা কৰ্মচাৰীয়েহে লাভ কৰিব এই ছুটী৷ কিন্তু জৰুৰীকালিন সেৱাৰ বাবে মঞ্জুৰ নহ’ব এই বিশেষ অতিৰিক্ত ছুটী৷
লাচিত বৰফুকনৰ ৪০০ সংখ্যক মৃত্যুতিথিত অনুষ্ঠিত হোৱা এই কেবিনেটত বীৰজনাৰ শ্ৰদ্ধা জনাই লোৱা হৈছে অন্য এক উল্লেখনীয় পদক্ষেপ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হ’ব বীৰ লাচিতৰ ৪০০ বছৰীয়া জন্মজয়ন্তী৷ লগতে সমগ্ৰ বছৰটোৱই বীৰজনাৰ নামত উচৰ্গা কৰা হ’ব৷ আনহাতে নতুন যুৱ আয়োগ গঠনৰ সিদ্ধান্ততো অনুমোদন জনাইছে ৰাজ্য চৰকাৰে৷ প্ৰতিখন জিলাৰ ১০০ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক এই আয়োগে প্ৰশিক্ষণ দিব৷
মাটিৰ পট্টাক লৈও সিদ্ধান্ত লোৱা হৈছে কেবিনেট বৈঠকত৷ ১০ বছৰ দখলত থকা মাটিৰ বাবে খিলঞ্জীয়াই আবেদন কৰিব পাৰিব৷ পূৰ্বতে ২০ বছৰ দখলত থাকিলেহে আবেদন কৰিব পাৰিছিল৷ বৰ্তমান সেই নিয়মৰ সালসলনি কৰি ১০ বছৰ দখলত থকা মাটিতো পট্টাৰ বাবে আবেদন কৰিব পাৰিব৷
বাণিজ্যিক ক্ষেত্ৰতো কিছু সালসলনিৰ সিদ্ধান্ত লোৱা হৈছে কেবিনেটত৷ ২৫ লাখ টকাৰ ওপৰৰ টেণ্ডাৰ ই-টেণ্ডাৰ কৰাতো বাধ্যতামূলক কৰা হৈছে৷ পূৰ্বতে ৫০ লাখ টকাৰ ওপৰৰ টেণ্ডাৰহে ই-টেণ্ডাৰ আছিল৷ আনহাতে পেট্ৰল-ডিজেলৰ মূল্য হ্ৰাসৰ সিদ্ধান্ততো অনুমোদন জনাইছে কেবিনেটে। ইফৈলে আজিৰ এই বৈঠকত আবকাৰী শুল্ক বৃদ্ধিৰো সিদ্ধান্ত লোৱা হৈছে যাৰ বাবে ৰাজ্যত সুৰাৰ দামো বৃদ্ধি হব।