ডিজিটেল ডেস্কঃ অসম প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতা অচিৰেই সভাপতি আসনৰ পৰা অপসাৰণ কৰা হব বুলি বিগত দিনকেইটাত যি বাতৰি প্ৰকাশ হৈ আছে এই বাতৰিক নস্যাত কৰিলে প্ৰদেশ বিজেপিয়ে। দলটোৰ মুখ্য মুখপাত্ৰ তথা সাংসদ কামাখ্যা প্ৰসাদ তাছাই মঙলবাৰে এক প্ৰেছ বিবৃতিযোগে স্পষ্ট কৰি দিয়ে যে, ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে ভৱেশ কলিতাৰ নেতৃত্বতেই সৰ্বব্যাপীভাৱে সকলোৱে একেলগে কাম কৰিব। লগতে তেওঁ স্পষ্ট কৰি দিয়ে যে, দলৰ মজিয়াত সভাপতি সালসলনিৰ কোনো প্ৰসংগ উত্থাপন বা চিন্তা-চৰ্চা কৰা নাই।
কেৱল অনুমানৰ ভিত্তিত প্ৰকাশ কৰা এনে বাতৰিক বিশ্বাস নকৰিবলৈ আহ্বান জনায় প্ৰদেশ বিজেপিয়ে। প্ৰদেশ বিজেপিৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে, অহা ৮অক্টোবৰত ভৱেশ কলিতাৰ নেতৃত্বতেই খানাপাৰাত বিশাল দলীয় কাৰ্যকতা সভা অনুষ্ঠিত হব। প্ৰায় ৪০হাজাৰ কৰ্মীয়ে অংশ লব লগীয়া এই সভাত উপস্থিত থাকিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
আনহাতে প্ৰদেশ বিজেপিৰ ফালৰ পৰা জাৰি কৰা প্ৰেছে বিবৃতিত উল্লেখ কৰে যে, একাংশ সংবাদমাধ্যমত প্ৰচাৰিত হৈ থকা উজনি-নামনিৰ কোনো প্ৰসংগ বিজেপি দলৰ মাজত অহাই নাই। এনে মনে সজা বাতৰি গোকাট মিছা আৰু ভিত্তিহীন। দলৰ উজনি- নামনিৰ কোনো পাৰ্থক্য নথকাকৈ সকলোৰে বাবে নিৰ্ধাৰিত দায়িত্ব প্ৰতিজন কৰ্মকতাই সুন্দৰ ভাৱে পালন কৰি আছে বুলি মন্তব্য কৰে কামাখ্যা প্ৰসাদ তাছাই।