1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 6:20 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

অসম চৰকাৰ অভিলাষী আচঁনিঃ স্বামীহাৰা মহিলালৈ ২৫হাজাৰ টকাকৈ সাহায্য…

  • Update Time : Tuesday, September 20, 2022

ডিজিটেল ডেস্কঃ অসম চৰকাৰে ৰূপায়ন কৰি থকা “ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি”ৰ অধীনত এককালীন আৰ্থিক সাহায্য প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠানত দৰং জিলাৰ মঙ্গলদৈত মঙলবাৰে অংশ গ্ৰহণ কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই।  উল্লেখ কৰা প্ৰয়োজন যে,   মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তেজপুৰৰ পৰা কেন্দ্ৰীয় ভাৱে ১ এপ্ৰিল, ২০১৯ তাৰিখ বা তাৰ পাছত পাছত স্বামীহাৰা হোৱা ১৮ ৰ পৰা ৪৫ বছৰৰ প্ৰায় ১২,০০০ বিধৱা মহিলা সকলৰ কল্যাণৰ বাবে ২৫,০০০ টকাকৈ এককালীন আৰ্থিক সাহায্য প্ৰদান প্ৰক্ৰিয়া শুভাৰম্ভণি কৰিছিল।

এই অনুষ্ঠানটিত উপস্থিত থাকি দৰং জিলাৰ লগতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত পৰবৰ্তী সময়ত বানপানীৰ পৰা মুক্ত কৰাৰ লগতে ভঙা মঠাউৰী অতি সোনকালেই মেৰামতি কৰা হব বুলিও ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰী পিয়ুষ হাজৰিকাই অসম চৰকাৰৰ নিযুক্তি সম্পৰ্কত দালাল আৰু প্ৰবঞ্চকৰ পৰা আতৰি থাকিবলৈ ৰাইজক আহ্বান জনায়।
নিযুক্তিৰ ক্ষেত্ৰত দালালি কৰা প্ৰবঞ্চকক কঠোৰ হাতেৰে দমন কৰিব বুলি মন্তব্য প্ৰদান কৰে। ইন্দিৰা মিৰি সাৰ্বজনীন বিধবা পেঞ্চন আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে সাংসদ দিলীপ শইকীয়া,মঙলদৈৰ বিধায়ক বসন্ত দাস, ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশী, দলগাও সমষ্টিৰ বিধায়ক মজিবৰ ৰহমান, জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme