ডিজিটেল ডেস্কঃ সি বহু কষ্ট কৰিব পাৰিছিল। দিনটো হাজিৰা কৰি সন্ধিয়া সি সদায়েই ৪কিঃমিঃ দৌৰিছিল। আৰু অৱশেষত এই কষ্টৰ প্ৰতিদান পালে মায়ঙৰ ৰাহুলে। ৰাহুলৰ সম্পূৰ্ণ নাম ৰাহুল কেলেং। দিনটো কাম কৰি সন্ধিয়াৰ ভাগত ৰাহুলে দৌৰে চাৰি কিলোমিটাৰ। আকৌ পুৱা ৪ বজাতে দৌৰিবলৈ শোৱা পাটি এৰে ৰাহুলে।
দেওবাৰে ঘোষিত অসম আৰক্ষীৰ ফলাফলত ৰাহুলে অসম আৰক্ষীৰ কমাণ্ডোৰ পদত নিযুক্তি লাভ কৰিছে। পিতৃ অভিজিত কেলং আৰু পুত্ৰ ৰাহুলে দিন হাজিৰা কৰে একেলগে।এজন ঠিকাদাৰৰ অধিনত দৈপৰাত নিৰ্মাণ চলি থকা এটা চৰকাৰী কামত দিন হাজিৰা কৰে।দৰিদ্ৰ পৰিয়ালটোলৈ অৱশেত ভগৱানেও চালে চকু মেলি…