ডিজিটেল ডেস্কঃ মানুহে বিখ্যাত হোৱাৰ আকাংক্ষাৰে যে কি নকৰে! গিনিজ বুক অৱ ৰেকৰ্ডছত নাম সন্নিবিষ্ট কৰিবলৈকে অদ্ভুত কিছু কাৰ্য কৰিবলৈও কুণ্ঠাবোধ নকৰে৷ সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চা হৈছে এখন বিশেষ ফটোৰ লগতে এটা ভিডিঅ৷
মানুহজনে দাড়িৰে এগৰাকী মহিলাক দাঙি লোৱা দেখা গৈছে৷ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে ভিডিঅ’টোৰ শিৰোনাম দিছে অন্তনাস কণ্টিমাছ৷ দাড়িৰ সৈতে এতিয়ালৈকে আটাইতকৈ গধুৰ ওজন তোলা ব্যক্তিসকলৰ ভিতৰত স্থান লাভ কৰিছে ব্যক্তিজনে৷
দাড়িৰে দঙা মহিলাগৰাকীৰ ওজন ৬৩ কিলোগ্ৰামতকৈও অধিক। দাড়ি ব্যৱহাৰ কৰি আটাইতকৈ গধুৰ ওজন উঠোৱা এণ্টানাছ কণ্ট্ৰিমাছ (অন্তনাস কণ্ট্ৰিমাছ)ৰ ভিডিঅ’ ক্লিপটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।