ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰীয়ে ৩খনকৈ কৃষি আইন বাতিল কৰা বুলি ঘোষণা কৰা পাছতো প্ৰতিবাদী কৃষকসকলে অব্যাহত ৰাখিছে সংগ্ৰাম৷ তেওঁলোকৰ মতে কৃষি আইন বাতিলৰ আনুষ্ঠানিকতা আৰু কৃষকৰ অন্য কিছু দাবী চৰকাৰে পূৰণ নকৰা পৰ্যন্ত অব্যাহত থাকিব তেওঁলোকৰ এই সংগ্ৰাম৷ নিজৰ স্থিতিত অটল হৈ থকা কৃষকসকলে শেহতীয়াকৈ চৰকাৰৰ সমুখত কেইবাটাও নতুন চৰ্ত বান্ধি দিয়াৰ লগতে মহাপঞ্চায়তৰো আহ্বান কৰিছে৷
কৃষকসকলৰ এনে স্থিতিৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰেও ৩খনকৈ কৃষি আইন বাতিল কৰাৰ আনুষ্ঠানিকতা আৰম্ভ কৰিছে৷ অহা ২৪ নৱেম্বৰত অনুষ্ঠিত হ’ব কেন্দ্ৰীয় কেবিনেটৰ বৈঠক৷ এই বৈঠকতে কেবিনেটে কৃষি আইন বাতিলৰ সিদ্ধান্তত অনুমোদন জনোৱাৰ সম্ভাৱনা আছে৷ কেবিনেট অনুমোদন অবিহনে কাৰ্যকৰী নহ’ব প্ৰধানমন্ত্ৰীৰ ঘোষণা সেয়েহে ২৪ নৱেম্বৰত এই ঘোষণা কাৰ্যকৰী কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷ উল্লেখ্য যে, শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল ৩খন আইন বাতিলৰ৷