1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 7:46 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

অসমীয়া মধ্যবিত্তৰ ইতিহাস কোৱা মানুহজন গ’লগৈ…

  • Update Time : Friday, September 2, 2022

ডিজিটেল ডেস্কঃ শুকুৰবাৰে পুৱতি নিশা আহিল এটা দুঃখবৰ। সমাজবিজ্ঞানী তথা গৱেষক, বিশিষ্ট সাহিত্যিকড০ প্রফুল্ল মহন্তৰ দেহাৱসানৰ খবৰটো পাই সকলো শোকত ভাগি পৰিল। দীৰ্ঘ দিন ধৰি এক ৰোগত আক্ৰান্ত হৈ থকা মহন্তৰ মৃত্যুৰ সময়ত  বয়স আছিল প্ৰায় ৮২ বছৰ।

উল্লেখ কৰা প্ৰয়োজন যে, দীৰ্ঘদিন ধৰি অসুস্থ আছিল লেখক, সাহিত্যিকগৰাকী। মৰণোত্তৰভাৱে দেহ দান কৰিও গৈছে  সমাজ বিজ্ঞানীগৰাকীয়ে। এসময়ত আনন্দৰাম বৰুৱা ভাষা, কলা-সংস্কৃতি সন্থাৰ সঞ্চালক হিচাপেও কাৰ্যনিৰ্বাহ কৰা ড০ প্ৰফুল্ল মহন্তৰ এখন উল্লেখযোগ্য গ্ৰন্থ হ’ল ”অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস” । জনগোষ্ঠীয় চেতনা, অসমীয়া জাতীয়তাবাদৰ উৎস প্ৰসংগ, বড়ো ভূমিৰ উচুপনি আদি তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ। 

বিশিষ্ট সমাজ বিজ্ঞানী তথা চিন্তাবিদ গৰাকীৰ জন্ম হৈছিল ১৯৪১ চনত । শুকুৰবাৰে পুৱতি নিশা প্ৰায় ২.৫০ মান বজাত শেষ নিশ্বাস কৰে মহন্তই। উল্লেখ কৰা প্ৰয়োজন যে, এইগৰাকী মহান অসমীয়াই চাকৰিৰ পৰা অৱসৰৰ ১৫বছৰৰ পাছতো বঞ্চিত হৈছিল পেন্সনৰ পৰা।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme