ডিজিটেল ডেস্কঃ তেজপুৰৰ লিচু খাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই লিখিলে এখন পত্ৰ। এই পত্ৰত লিচু প্ৰেৰণ কৰাৰ বাবে হিমন্ত বিশ্ব শৰ্মাক মনৰ পৰা ধন্যবাদ জনায় নৰেন্দ্ৰ মোডীয়ে।
পত্ৰত তেজপুৰৰ এই লিচু অতিকৈ টেষ্টি বুলি উল্লেখ কৰাৰ লগতে এনে লিচুয়ে আন্তৰাষ্ট্ৰীয় বজাৰত সমাদৰ লাভ কৰিব বুলিও উল্লেখ কৰে। তেজপুৰৰ লিচুৰ বজাৰখন অধিক প্ৰসাৰ আৰু প্ৰচাৰত গুৰুত্ব প্ৰদান কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
ভোকেল ফৰ লোকেল শ্লোগানৰ কথা উল্লেখ কৰি তেজপুৰৰ লিচুয়ে এদিন পৃথিৱীক মোহিত কৰিব বুলি ইচ্ছা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে…