ডিজিটেল ডেস্কঃ ২৮ আগষ্ট ২০১৫ ৷ ৭ বছৰ আগৰ আজিৰ দিনটোৰ কথা ৷ এই দিনটোতে কংগ্ৰেছ এৰি ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিকভাৱে যোগদান কৰিছিল অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ বিজেপিত যোগদানৰ পাছতে তেওঁক মন্ত্ৰী আৰু বিজেপিত যোগদানৰ ছবছৰৰ ভিতৰতে তেওক অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়া হ’ল।
দিল্লীত অমিত শ্বাহৰ সৈতে বৈঠক সমাপ্ত কৰি বিজেপিত যোগদান কৰাটো খাটাং কৰাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই পৰিয়ালৰ সদস্যতকৈ আগত ফোন কৰিছিল এগৰাকী বিশেষ ব্যক্তিলৈ। তেওঁ হৈছে বিশিষ্ট সাংবাদিক তথা গল্পকাৰ মনোজ কুমাৰ গোস্বামী। শেহতীয়াকৈ গোস্বামীয়ে এই ঘটনাক লৈ সামাজিক মাধ্যমত এক পোষ্ট কৰিছে। পোষ্টটোত তেওঁ লিখিছে এনেদৰে-
মনোজ কুমাৰ গোস্বামী