1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:37 am

অফাৰ মুখ্যমন্ত্ৰীৰ গাদী! বিজেপিলৈ আহি আছে NTR

  • Update Time : Monday, August 22, 2022

ডিজিটেল ডেস্কঃ ৰাজনীতিত কেতিয়া কি হয় সেয়া কোনেও নাজানে। ৰাতিটোৰ ভিতৰতে কি সমীকৰণ গৈ কি হয়গৈ সেয়া সাধাৰণ মানুহৰ ভাৱনাৰ বহু ওপৰত। শেহতীয়াকৈ অমিত শ্বাহৰ সৈতে দক্ষিণৰ জনপ্ৰিয় অভিনেতা জুনিয়ৰ এন টি আৰৰ সাক্ষাতৰ পিছত তেনে এক সমীকৰণেই বিজেেপিৰ চাণক্য গৰাকীয়ে কৰিবলৈ ওলাইছে বুলি সকলোতে চৰ্চা।

দৰাচলতে অমিত শ্বাহে জুনিয়ৰ এন টি আৰক হায়দৰাবাদত সাক্ষাৎ কৰিছে। এই সাক্ষাতকাৰ অৰাজনৈতিক বুলি দুয়োগৰাকীয়ে কৈছে যদিও অমিত শ্বাহৰ এই সাক্ষাতকাৰত আঁৰতো যে কিবা সমীকৰণ  আছে সেই কথা একাংশ ৰাজনৈতিক বিশ্লেষকে গোন্ধ পাইছে।

ইফালে এই সাক্ষাতৰ ফটো টুইটাৰত আপলোড কৰি অমিত শ্বাহে তেওঁক প্ৰশংসা কৰিছে। অমিত শ্বাহে তেওঁৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা জুনিয়ৰ এন টি আৰৰ সৈতে হোৱা বৈঠকৰ ফটো শ্বেয়াৰ কৰি লিখিছে- “হায়দৰাবাদত এজন অতি প্ৰতিভাশালী অভিনেতা আৰু তেলেগু চিনেমাৰ ৰত্ন জুনিয়ৰ এন টি আৰৰ সৈতে ভাল বাৰ্তালাপ হৈছিল।”

এইখিনিতে উল্লেখ কৰি থোৱা প্ৰয়োজন যে,  তেলেংগানাত ২০২৩ৰ ডিচেম্বৰত অনুষ্ঠিত হ’ব  নিৰ্বাচন। গতিকে তাৰ আগমূৰ্হুতত অমিত শ্বাহৰ এই সাক্ষাতকাৰ সহজে মানি লয়নো কেনেকৈ! একাংশই দাবী কৰিছে তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীত্বও বিজেপিয়ে দিব পাৰে জুনিয়ৰ এন টি আৰক। চৰ্চা চলিলেও সময়েহে দিব আচঁল উত্তৰ।

 

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme