1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 12:45 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

লালকিল্লাত প্ৰধানমন্ত্ৰী মোদীৰ ৮০মিনিটৰ ভাষণত দেশবাসীয়ে ২৫বছৰলৈ মনত ৰাখিবলগীয়া ৫টা বিশেষ কথা…

  • Update Time : Monday, August 15, 2022

ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী দিল্লীৰ লালকিল্লাত ৭৬সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি দেশৰ প্ৰধানমন্ত্ৰীয়ে দেশবাসীক দি গল বহুকেইটা বাৰ্তা। ভৱিষ্যতৰ ভাৰত আৰু দেশবাসীৰ কৰ্তব্যৰ কথা পুনৰ এবাৰ সোৱৰাঁই দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ভাষণৰ জৰিয়তে দি গল এক পঞ্চপ্ৰাণ শীৰ্ষক ধাৰণা। এই পঞ্চপ্ৰাণ শীৰ্ষক ধাৰণাত আছে ভাৰতৰ উন্নত ভৱিষ্যতৰ চাবি-কাঠী। ভাৰতক আগন্তুক ২৫বছৰত বিশ্বৰ শীৰ্ষত উপনীত কৰোৱাৰ বাবে  এক উন্নয়নমূলক ৰণনীতিৰ কথা সোৱৰাই দি ৫টা প্ৰতিশ্ৰুতি দি গল প্ৰধানমন্ত্ৰীয়ে।

এই পঞ্চপ্ৰাণত প্ৰথমটো প্ৰতিশ্ৰুতি হিচাপে প্ৰধানমন্ত্ৰীয়ে কয় এখন উন্নত ভাৰতৰ কথা। এক বৃহত সংকল্পৰে ভাৰত আগবাঢ়ি যোৱাৰ বাবে সকলোৰে সহযোগিতাৰ পোষকতা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।  আগন্তুক সময়ত ভাৰতে পূৰ্ণ পৰিকল্পনাৰে আগবাঢ়ি যাব লাগিব।

এই পঞ্চপ্ৰাণত দ্বিতীয়টো প্ৰতিশ্ৰুতি লবলৈ জনসাধাৰণক আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে কয়- সকলোৱে নিজৰ কৰ্তব্য নিষ্ঠা আৰু সততাৰে পালন কৰিব লাগিব। দেশ তেতিয়াহে প্ৰগতিৰ পথত আগবাঢ়িব বুলি কয় নৰেন্দ্ৰ মোদীয়ে। কেৱল সাধাৰণ জনতাই নহয়, সকলো মন্ত্ৰী-বিধায়কক নিজৰ দায়িত্ব পালন কৰিবলৈ আহ্বান জনালে মোদীয়ে।

তৃতীয়তে তেওঁ কয়- আমি একতাৰ এনাজৰীয়ে বান্ধ খাই থাকিব লাগিব। তেতিয়াহে উন্নতি সহজ হব। একতা, সংহতি হৈছে উন্নয়নৰ অন্যতম চাবি-কাঠী।  মহিলাসকলক সন্মান কৰা, লিংগ সমতা আৰু শ্ৰমিকসকলৰ প্ৰতি সন্মান কৰিব পাৰিলেহে আমাৰ দেশ দোপতদোপে আগুৱাই যাব।

চতুৰ্থতে মোদীয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ কথা উল্লেখ কৰি কয়- আমি দাসত্ব মানসিকতাৰ পৰা ওলাই আহিব লাগিব। ৰাষ্ট্ৰীয় শিক্ষা নীতি (এনইপি) হৈছে দাসত্বৰ মানসিকতাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়। চাকৰিৰ বাবে বাট নাচাই নিজেই নিজৰ ভৰিৰ ওপৰত থিয় দিব পৰাকৈ আমি কাম কৰিব লাগিব। ডিজিটেল ইণ্ডিয়াই এই সপোনকো সাকাৰ কৰিব বুলি কয় মোদীয়ে।

পঞ্চমটো তথা শেষৰটো প্ৰাণৰ সন্দৰ্ভত কবলৈ গৈ মোদীয়ে দেশৰ ঐতিহ্যৰ কথা উল্লেখ কৰে। দেশৰ ঐতিহ্যক লৈ গৌৰৱ আৰু বিশ্ব সকলো সমস্যৰ সৈতে মোকাবিলা কৰিবলৈ সকলোকে দেশৰ ঐতিহ্যক জানিবলৈ বুজিবলৈ পৰামৰ্শ দিয়ে প্ৰধানমন্ত্ৰীয়ে।

 

উল্লেখ্য যে, এইবাৰ লালকিল্লাত টেলিপ্ৰম্পটাৰ নোহোৱাকৈ ৮০ মিনিট ভাষণ প্ৰদান কৰিলে মোদীয়ে। পূৰ্বতে এই টেলিপ্ৰম্পটাৰক লৈ বিৰোধীয়ে তীব্ৰ কটাক্ষ কৰিছিল প্ৰধানমন্ত্ৰীগৰাকীক। কিন্তু এইবাৰ বিৰোধীক সেইকণো সুযোগ নিদিলে প্ৰধানমন্ত্ৰীয়ে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme