ডিজিটেল ডেস্কঃ কেইখনমান সুন্দৰ ফটো আৰু এটা বিশেষ ভিডিঅ। লাখুটিত ভৰ দি কোনোমতে খোজ কঢ়া এহাল ককা-আইতাই জাতীয় পতাকা লৈ খোজ দিয়াৰ কেইখনমান ফটো স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। ছবিকেইখন ইমানেই ভাইৰেল হৈ পৰিছিল যে, মুখ্যমন্ত্ৰীয়ে ককা আইতাৰ ভিডিঅ শ্বেয়াৰ কৰিছিল। অজয় চৌধুৰীৰ কেমেৰাত বন্দী হৈছিল ককা-আইতাৰ এই সুন্দৰ আলোকচিত্ৰ।
শেহতীয়াকৈ সংবাদ মাধ্যমে বিচাৰি পাইছে এই ককা-আইতাৰ পৰিচয়। ফটোত থকা ককাজনৰ নাম গীৰিশ চন্দ্ৰ বৰ্মন আৰু কাষত তেওঁৰ পত্নী অৰুণপ্ৰিয়া বৰ্মন। ককাৰ বয়স এতিয়া ৮২বছৰ। বঙাইগাওঁ জিলাৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ দূৰৈৰ বইতামাৰী গাৱত।
মুখ্যমন্ত্ৰীৰ লগতে সমগ্ৰ দেশবাসীয়ে ককা-আইতাৰ এই ফটো আদৰি লৈছে বুলি জানিব পাই সুখী অনুভৱ কৰিছে ককা-আইতাই। ককাৰ ঘৰত এতিয়া বোৱাৰী পত্নী আৰু দুই নাতি। তিনিজনী ছোৱালী আৰু দুই পুত্ৰ সন্তান আছে তেওঁলোকৰ। সৰু পুত্ৰ গৌতম চন্দ্ৰ বৰ্মন চি আৰ পি এফৰ জোৱান। বৰ্তমান তেও থাকে বেংগালুৰুত।
স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি ১৩ আগষ্টত গীৰিশ চন্দ্ৰ বৰ্মন আৰু ৭৮ বছৰীয়া অৰুণা প্ৰিয়া বৰ্মনৰ এখন ফটো তুলিছিল। ফেচবুকত সেই ফটো দি দিয়াত ভাইৰেল হৈ পৰিছিল ফটোখন। তাৰ পাছত ১৪ আগষ্ট দিনা হাতত ৰাষ্ট্ৰীয় পতাকা লৈ খোজকাঢ়ি গৈ থকা এই ককা, আইতাৰ ভিডিঅ’ কৰিছিল এই অজয়ে। এই ভিডিঅটোৱে শ্বেয়াৰ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।