1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 8:02 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

বিজেপি শাসিত ত্ৰিপুৰাত আক্ৰমণৰ সন্মুখীন প্ৰাক্তন বিজেপি নেতা বাবুল সুপ্ৰিয়…

  • Update Time : Saturday, November 20, 2021

ডিজিটেল ডেস্কঃ ত্ৰিপুৰাত অব্যাহত নিৰ্বাচনী হিংসা৷ তৃণমূল কংগ্ৰেছৰ কৰ্মীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিজেপি দলৰ কৰ্মীসকলে৷ এই অভিযোগ আনিছে প্ৰাক্তন বিজেপি নেতা বাবুল সুপ্ৰিয়ই৷ শনিবাৰে সন্ধিয়া ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত বিজেপি কৰ্মীয়ে আক্ৰমনৰ লক্ষ্য কৰি লৈছে বাবুল সুপ্ৰিয়ক বুলি অভিযোগ আনিছে তৃণমূলৰ হেভিৱেট নেতাগৰাকীয়ে৷

আগৰতলাৰ ৰামনগৰত তৃণমূলৰ হৈ প্ৰচাৰ অভিযান চলাই থাকোতে বাবুল সুপ্ৰিয়ৰ গাড়ীক লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰিছে একাংশ কৰ্মীয়ে৷ টুইটযোগে বাবুল সুপ্ৰিয়ই লিখিছে, ‘মই আগৰতলাত আক্ৰমনৰ লক্ষ্য হৈ পৰিছিলো৷ মই বহি থকা গাড়ীক উদ্দেশ্য কৰি শিলগুটি দলিওৱা হৈছিল৷ মই গাড়ীৰ পৰা নামি যোৱাৰ লগে লগে আক্ৰমনকাৰী কাপুৰুষকেইজন কেইজন পলাই যায়৷ হাস্যকৰ কথা যে বিজেপিয়ে নিজ বলে নোৱাৰি এইবাৰ শাৰিৰীকভাৱে আক্ৰমনৰ লক্ষ্য কৰি লৈছে প্ৰতিপক্ষক৷’

উল্লেখ্য যে, ত্ৰিপুৰাত তৃণমূল কংগ্ৰেছৰ উত্থানে শংকাত পেলাইছে বিজেপিক৷ কংগ্ৰেছ নেত্ৰী সুস্মিতা সেনেও শেহতীয়াভাৱে তৃণমূল কংগ্ৰেছত যোগদান কৰিছে৷ মাণিক সৰকাৰক হৰুৱাই বিজেপিয়ে দখল কৰিছিল ত্ৰিপুৰাৰ মছনদ৷ ত্ৰিপুৰাত বিজেপিৰ উত্থান যেনেদৰে হৈছিল ৫ বছৰ সম্পূৰ্ণ নৌহওঁতেই সেই উত্থানৰ যতি পৰিবলৈকে যেন আৰম্ভ হৈছে৷

মুখ্যমন্ত্ৰী বিপ্লৱ দেৱক লৈও অশান্ত হৈছে ত্ৰিপুৰাবাসী ৰাইজ৷ বিজেপি দলটোৰ প্ৰতি পূৰ্বৰ আগ্ৰহ নাইকিয়া হৈছে ত্ৰিপুৰাবাসীৰ, সেই কথা দৃষ্টিগোচৰ হৈছে বিজেপি দলটোৰ নেতা-পালিনেতাৰ৷ ইফালে নিৰ্বাচনো সমাগত৷ নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপিৰ এই খহনীয়াই দলটোৰ বাবে অশনি সংকেত কঢ়িয়াইছে৷ যাৰ বাবে এইবাৰ কৌশলেৰেই নহয়, চলে-বলে নামি পৰিছে দলটো৷

অন্যান্য দলসমূহৰ নেতা-পালিনেতাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিজেপি পালিত একাংশ গুণ্ডাবাহিনীয়ে৷ এই অভিযোগ আনিছে তৃণমূলৰ বৰ্তমানৰ হেভিৱেট নেতা বাবুল সুপ্ৰিয়ই৷ এটাৰ পিছত আনটো টুইট কৰি বাবুল সুপ্ৰিয়ই ক্ষুৰধাৰ সমালোচনা কৰিছে এসময়ত নিজেই থকা দলটোকে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme