1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 11:47 am

আহা সখী আহা বাই বৃন্দাবনে যাওঁ… ৰাজ্যত ৰাসৰ উল্লাস

  • Update Time : Friday, November 19, 2021

ডিজিটেল ডেস্কঃ শৰতৰ স্নিগ্ধ ৰাতিত খোল তাল বাঁহীৰ শব্দত মুখৰিত সমগ্ৰ অসম। কিয়নো এইয়া যে ৰাসৰ সময়। ৰাস পূৰ্ণিমাৰ নিশা কৃষ্ণৰ লগত মতলীয়া গোপীগণ। ৰাজ্যজুৰি অব্যাহত কৃষ্ণবন্দনা। বৃন্দাবনলৈ ৰূপান্তৰিত হৈছে সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ লগতে অসমৰ প্ৰায়কেইখন জিলাই। বিশেষভাৱে ৰাসৰ কথা মনলৈ আহিলেই পোনতেই মনলৈ আহে এটকা মহন্তৰ স্থান মাজুলীৰ কথা।

কৃষ্ণৰ বাঁহীৰ সুৰত প্ৰত্যেক বছৰৰ দৰে এইবাৰো জীপাল হৈছে সত্ৰ নগৰী মাজুলী। লক্ষ্মী পূৰ্ণিমাৰ পৰা সত্ৰ নগৰীত আৰম্ভ হৈছে ৰাসলীলাৰ অনুষ্ঠানসমূহ। গোপী সকলৰ নৃত্যত ভুৱন ভূলোৱা পৰিৱেশে বিৰাজ কৰিছে ৰাস থলীসমূহত। ৰাসলীলা উপভোগ কৰিবলৈ মাজুলীৰত ভিৰ কৰিছেহি দেশী বিদেশী পৰ্যটকে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনাদৰ্শন সংপৃক্ত বৈষ্ণৱ সংস্কৃতিৰ অনবদ্য অৱদান ৰাস। ৰাসৰ উৎসাহ বিগত বছৰত ম্লান কৰিছিল কভিডে কিন্তু এইবাৰ সম্পূৰ্ণ নহলেও কিছু উৎসাহ দেখা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। প্ৰাণত সঞ্চাৰ ঘুৰি আহিছে ৰাসৰ সৈতে জড়িত হৈ থকা শিল্পীসকলৰো। ৰাসত অভিনয় কৰা শিল্পীসকলক বাদ দিও অন্য বহু কলা কুশলী জড়িত হৈ থাকে ৰাসৰ সৈতে। ৰাসৰ বাবে চৰকাৰে অনুমতি প্ৰদান কৰাৰ পিছতেই তেওঁলোকৰ মুখলৈও ঘুৰি আহিছে হাঁহি। আনহাতে অভিনেতা অভিনেত্ৰীসকলকো ৰাসত অংশগ্ৰহণ কৰা দেখা গৈছে। দিপলীনা ডেকাক মাজুলিত দেখা গৈছে দৈৱকীৰ ৰূপত, ইফালে প্ৰীতি কংকনাকে ধৰি আন বহুকেইগৰাকী জনপ্ৰিয় অভিনেত্ৰীকো দেখা গৈছে বিভিন্ন ৰূপত।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme