1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 5:54 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

অৱশেষত কৃষকৰ বিজয়…সেও মানিলে প্ৰধানমন্ত্ৰী মোদীয়ে!

  • Update Time : Friday, November 19, 2021

ডিজিটেল ডেস্কঃ প্ৰায় এবছৰ ধৰি তিনিখনকৈ কৃষি আইন বাতিলৰ বাবে কৃষকে যি আন্দোলন অব্যাহত ৰাখিছিল সেই আন্দোলনে অৱশেষত সহাঁৰি পালে। শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্দোলনৰ প্ৰতি সহাঁৰি জনাই বাতিল কৰিলে তিনিখনকৈ কৃষি আইন। চৰকাৰে জাপি দিয়া তিনিখনকৈ কৃষি আইন বাতিল কৰাৰ সিদ্ধান্ত ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে তিনিখনকৈ আইন উঠাই ল’ব বুলি কোৱাৰ পিছতেই দেশৰ প্ৰায়কেইটা ৰাজনৈতিক দলেই আগবঢ়াইছে নিজা নিজা প্ৰতিক্ৰিয়া।

মোদীৰ সিদ্ধান্তত কোনে কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে?

কৃষি আইন বাতিল কৰিব বুলি ঘোষণা কৰাৰ পিছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। ‘দেশৰ কৃষকসকললৈ অশেষ ধন্যবাদ। এই বিজয় আপোনালোকৰ, আপোনালোকৰ এই আন্দোলনে অহংকাৰী শাসকক নতশিৰ হ’বলৈ বাধ্য কৰালে। অন্যায়ৰ বিৰুদ্ধে আপোনালোকৰ এই বিজয়ক লৈ আজি দেশৰ প্ৰত্যেকজন কৃষক সুখী। জয় হিন্দ, জয় কিষান।’ বুলি মন্তব্য কৰে ৰাহুল গান্ধীয়ে।

কি ক’লে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে?

অন্যায়ৰ বিৰুদ্ধে এই বিজয়। কৃষককসকলে তেওঁলোকৰ প্ৰাপ্য আঁজুৰিবলৈ সক্ষম হৈছে। কৃষকসকললৈ অভিনন্দন। ১৯ নৱেম্বৰ, শুকুৰবাৰৰ দিনটোৰ আটাইতকৈ ভাল খবৰ এইয়া। কৃষক বিৰোধী আইনকেইখন অৱশেষত উঠাই ল’লে। প্ৰায় ১ বছৰ ধৰি চলা আন্দোলনে পূৰ্ণতা পালে।এই এবছৰ ধৰি চলা আন্দোলনটোত ৭০০ ৰো অধিক কৃষক শ্বহীদ হৈছে। শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলী, লগতে প্ৰত্যেকজন শ্বহীদেই অমৰ হৈ থাকিব। দেশৰ ইতিহাসত তেওঁলোক জিলিকি থাকিব। প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চৰ্চা হ’ব কেনেকৈ প্ৰাপ্য বিচাৰি যাওঁতেই শ্বহীদ হৈছে ৭০০ ৰো অধিক কৃষক।

পাঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ প্ৰতিক্ৰিয়া…

পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে কৃষক বিৰোধী আইন বাতিল কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাই কয়, ‘ভাল খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীজীক গুৰুনানক জয়ন্তীৰ শুভেচ্ছা লগতে এই দিনটো প্ৰতিজন পাঞ্জাৱীৰ বাবেই অতি পবিত্ৰ দিন। এই পবিত্ৰ দিনটোতে পাঞ্জাৱীৰ দাবী মানি লোৱাৰ বাবে আৰু ৩ টা ক’লা আইন বাতিল কৰাৰ বাবে ধন্যবাদ। মই নিশ্চিত যে কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ উন্নয়নৰ বাবে কাম কৰি যাব!’

‘ক’লা আইন বাতিল কৰাবলৈ বাধ্য কৰোৱাৰ বাবে অভিনন্দন’- মমতা বেনাৰ্জী

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৃষি আইন বাতিল সন্দৰ্ভে মন্তব্যত কয়, ‘বিজেপিয়ে আপোনালোকক যেনেদৰে বৰ্বৰভাৱে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল তাৰ মাজতো আপোনালোকে অক্লান্তভাৱে যুঁজ দিলে, বিচলিত নোহোৱাকৈ এবছৰে যুঁজ দিলে তাৰবাবে প্ৰতিজন কৃষকক মোৰ আন্তৰিক অভিনন্দন। এই বিজয় আপোনালোকৰ বিজয়! এই আন্দোলনত প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী শ্বহীদৰ পৰিয়াললৈ সমবেদনা জনালোঁ।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোডীয়ে শুকুৰবাৰে পুৱা কৃষি আইন বাতিলৰ পিছতেই নিজা প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, ‘আমাৰ চৰকাৰে কৃষকসকলৰ কল্যাণৰ বাবে, বিশেষকৈ ক্ষুদ্ৰ কৃষকসকলৰ কল্যাণৰ বাবে, কৃষকৰ স্বাৰ্থত, দেশৰ স্বাৰ্থত, গাওঁৰ দৰিদ্ৰ লোকসকলৰ উজ্জ্বল ভৱিষ্যতৰ বাবে, অতি আন্তৰিকতাৰে, কৃষকসকলৰ প্ৰতি সমৰ্পণৰ বাবে, সৎ উদ্দেশ্যৰে এই আইন খন আনিছিল। কিন্তু কৃষকসকলে ইয়াৰ মহত্ব বুজি নাপালে যাৰ বাবে আমিও বাতিল কৰাৰ সিদ্ধান্ত লৈছো।’ লগতে তেওঁ কয়, “কৃষি অৰ্থনীতিবিদ, বিজ্ঞানী, প্ৰগতিশীল কৃষকসকলেও আন্দোলনকাৰী কৃষকসকলক কৃষি আইনৰ গুৰুত্ব বুজাবলৈ যথাসাধ্য চেষ্টা কৰিছিল। আজি, মই আপোনালোকক, সমগ্ৰ দেশবাসীকে কৈছো, আমি তিনিওখন কৃষি আইন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছো। এই মাহৰ শেষৰ ফালে আৰম্ভ হ’বলগীয়া সংসদৰ অধিৱেশনত আমি এই তিনিওখন কৃষি আইন বাতিল কৰাৰ সাংবিধানিক প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিম।’

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme